নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : চৰকাৰে দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ সময়তেই মৰিগাঁৱৰ লাহৰীঘাট খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সততে উত্থাপন হৈ আহিছে। লাহৰীঘাটৰ এখন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে ওলাই আহিছে শতাধিক পুৰুষ মহিলা। কেন্দ্ৰটোৰ কৰ্মী তৰজিয়া বেগমৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে স্হানীয় পুৰুষ মহিলা। মৰিগাঁও জিলাৰ লাহৰীঘাট খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত তিনিচুকীয়াত মহমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মিনাবাজাৰ ৪৬৭ নম্বৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে ব্যাপক দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি প্ৰতিবাদত নামিছে স্হানীয় ৰাইজ। কেন্দ্ৰটোৰ কৰ্মী তৰজিয়া বেগমে বিভাগীয় নীতি নিয়ম সম্পূৰ্ণৰূপে উলংঘা কৰি নিজ খেয়াল খূচি মতে কেন্দ্ৰ পৰিচালনা কৰি আহিছে। আনহাতে কেইদিনমান পূৰ্বে কৰ্মী তৰজিয়া বেগমে স্হানীয় ৰাইজক অন্ধকাৰত ৰাখি কেন্দ্ৰৰ পকী গৃহ ভাঙি পেলায়। উল্লেখ্য চৰকাৰীভাৱে এটি পকী গৃহৰ উপৰি পানীৰ টেংকি আৰু শৌচাগাৰ আছিল কেন্দ্ৰটোত । ইয়াৰ উপৰি পঞ্চায়তৰ পৰা কেন্দ্ৰটো সুৰক্ষাৰ বাবে পকী চাৰিসীমা নিৰ্মাণ কৰি দিছিল। কিন্তু কৰ্মী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক নজনোৱাকৈ কেন্দ্ৰটো ভাঙি দিয়ে আৰু মাটি খিনি অন্য লোকৰ ওচৰত বিক্ৰী কৰি দিয়ে। মাটি ক্ৰয় কৰা ব্যক্তি জনে কেন্দ্ৰৰ ভূমিত বাসগৃহ নিৰ্মাণ কৰাত স্হানীয় ৰাইজ জাঙুৰ খাই উঠিছে। বহুদিন ধৰি কৰ্মীয়ে কণ কণ শিশুক খাদ্যৰ পৰা বঞ্চিত কৰি আহিছে। ৰাইজৰ মৌখিক অভিযোগৰ ভিত্তিত আজি চুপাৰভাইজাৰে কেন্দ্ৰটো পৰিদৰ্শন কৰে আৰু এই সন্দৰ্ভত বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক জনাব বুলি ৰাইজক অৱগত কৰে।এতিয়া এই দূৰ্নীতিগ্ৰস্ত কৰ্মী গৰাকীৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষণীয় হব।

প্ৰেৰক আবুল কালাম

You might also like