নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত এনবিএফৰ কনক্লেভ : উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা-প্ৰাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মা

বিশেষ বার্তা, ২১ অক্টোবৰঃঅসমৰ মুছলমান সমাজে ৰাজ্য চৰকাৰৰ সংস্কাৰমূলক কাম–কাজক আদৰি লৈছে৷ শেহতীয়াকৈ ৰাজ্যৰ ৭০০ৰো অধিক মাদ্রাছা বন্ধ কৰি দিয়া হৈছে৷ প্রায় ৪০ পি এফ আই সদস্যক অলপতে গ্রেপ্তাৰ কৰা হৈছে৷ কিন্তু ক’তো কোনো প্রতিবাদ নাই৷ দৰাচলতে অসমৰ মুছলমান লোকসকলে ৰাজ্য চৰকাৰৰ চিন্তা–ভাবনাক সঁহাৰি জনাইছে৷ নিউজ ব্রডকাষ্টাৰ ফেডাৰেচনৰ (এন বি এফ) নেচনেল কনক্লেভত অতি তাৎপর্যপূর্ণ এই মন্তব্য অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কনক্লেভৰ ‘ফিউচাৰ অৱ নিউজ’ শীর্ষক আলোচনাত অংশ গ্রহণ কৰি বিশিষ্ট সাংবাদিক অর্ণৱ গোস্বামীৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রী ড০ শর্মাৰ বক্তব্য– আমি অসমৰ মাদ্রাছা শিক্ষাৰ গাঁথনিয়েই সলনি কৰি দিছোঁ৷ আজি পুৱাৰ ভাগতেই অসমত ৪ পি এফ আইৰ সদস্যক অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ কিন্তু চাওক ক’তো কোনো প্রতিবাদৰ টু শব্দও নাই৷ দৰাচলতে মুছলমান সমাজৰ সকলোৱেই এতিয়া বিচাৰে যে নিজৰ ল’ৰা–ছোৱালীবোৰ ডাক্তৰ, ইঞ্জিনীয়াৰ হওক৷ মই সততে ৰাজ্যৰ মুছলমান এলেকাবোৰ ভ্রমণ কৰোঁ৷ সকলো ঠাইত এতিয়া মই উচ্ছ্বাস দেখা পাওঁ৷ মই ভাবোঁ আমাৰ চিন্তা–ভাবনাৰ প্রতি অসমৰ মুছলমান লোকসকলে সঁহাৰি জনাইছে৷ মুখ্যমন্ত্রীৰ মতে মাদ্রাছা বন্ধক লৈ কেৱল কোনো কোনো সংবাদ মাধ্যমতহে প্রতিবাদ দেখা পোৱা যায়, ৰাজপথত কোনো প্রতিবাদ নাই৷ লক্ষণীয়ভাৱে  এন বি এফৰ কনক্লেভত নাগৰিকত্ব সংশোধনী আইন (কা)ক লৈও নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি এইক্ষেত্রত সংবাদ মাধ্যমৰ ভূমিকাক লৈ মুখ্যমন্ত্রী ড০ শর্মাই আজি প্রশ্ন উত্থাপন কৰা পৰিলক্ষিত হয়৷ তেওঁ কয় যে ‘কা’ৰ বিৰোধিতা কৰি কোনো লাভ নাই৷ আমাক ‘কা’ৰ বিৰোধিতা নালাগে৷ সকলো সংবাদ মাধ্যমে এইক্ষেত্রত চৰকাৰক সহযোগিতা আগবঢ়াব লাগে৷ বিশ্বৰ ভিন্ন প্রান্তত বাস কৰা হিন্দু লোকসকল নির্যাতিত হ’লে ভাৰতলৈ নাহি ক’লৈ যাব বুলিও তেওঁ প্রশ্ন কৰে৷ ‘হিন্দুয়ে পাকিস্তান

 অথবা অন্য কোনো দেশলৈ যাব পাৰিবনে? হিন্দুসকল ক’লৈ যাব? হিন্দুসকলে ভাৰতলৈ আহিব৷ এইক্ষেত্রত সংবাদ মাধ্যমে চৰকাৰক সহযোগিতা কৰিব লাগে৷’ –এনেদৰে কয় মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ আৰু কয় যে হিন্দু সভ্যতা আজিৰ নহয়, হাজাৰ হাজাৰ বছৰ পুৰণি৷ সনাতনী তত্ত্বৰ আধাৰত গঢ় লৈ উঠিছে আমাৰ ভাৰত৷ হিন্দু এটা সভ্যতা৷ আমাৰ দেশখন ধর্মনিৰপেক্ষ৷ কিন্তু আমাৰ সংবিধানত হিন্দু ভাবনা চিন্তাৰ প্রতিফলন আছে৷ সমপর্যায়ৰ লোকেহ ভাৰত আৰু পাকিস্তানৰ সংবিধান প্রণয়ন কৰিছিল৷ আমাৰ ধর্মনিৰপেক্ষ সংবিধানৰ প্রবক্তা কিন্তু এজন হিন্দুয়েই৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দেশৰ সংবাদ মাধ্যমৰ তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হয়৷ তেওঁ কয় যে আমাৰ সংবাদ মাধ্যম পশ্চিমীয়া সভ্যতাৰ ওপৰত নির্ভৰশীল হৈ পৰিছে৷ ভাৰতৰ হতিহাস ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পাছত আৰম্ভ হোৱা নাই৷ ১৯৪৭ৰ নহয়, আমাৰ সভ্যতা ৫০০০ বছৰৰ৷ এই প্রসংগত তেওঁ চাণক্যৰ কথা দাঙি ধৰি কয় যে সংবাদ মাধ্যমে ‘ভাৰতীয়তা’হে অনুসৰণ কৰিব লাগে, উৎসাহ দিব লাগে৷ ভাৰতীয়তাক অনুসৰণ কৰিব পাৰিলে আগন্তুক ২০ বছৰত ভাৰত বিশ্বৰ ছুপাৰ পাৱাৰলৈ পৰিণত হ’ব৷ তেওঁ কয় যে আমাৰ প্রথম পৰিচয় অসমীয়া কিম্বা তামিল হ’ব নোৱাৰে৷ আমাৰ প্রথম পৰিচয় ভাৰতীয়হে৷ মুখ্যমন্ত্রীৰ মতে, তামিল কেৱল এজন তামিল লোকৰ ভাষা হয়, এজন অসমীয়াৰো ভাষা৷ তেনেদৰে অসমীয়াও কেৱল এজন অসমীয়াৰে নহয়, এজন তামিলৰো ভাষা৷ তেওঁ কয় যে একাংশ সংবাদ মাধ্যমে চীনৰ আগ্রাসনৰ ওপৰত বেছি গুৰুত্ব দিয়ে৷ হয়াৰ বিপৰীতে সেনাৰ অৱদানক লৈ নিমাত হৈ থাকে৷ চীনৰ আগ্রাসনতকৈ ভাৰতীয় সেনাবাহিনীৰ ত্যাগ আৰু বীৰত্ব তথা তেওঁলোক কি কৰি আছে, তাৰ ওপৰতহে সংবাদ মাধ্যমে গুৰুত্ব প্রদান কৰিব লাগে বুলি মুখ্যমন্ত্রীগৰাকীয়ে মত ব্যক্ত কৰে৷ মুখ্যমন্ত্রীৰ বক্তব্য– কোনোবাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সমালোচনা কৰিব পাৰে৷ কিন্তু ৰাফেল যুদ্ধবিমান ক্রয় কৰাক লৈ যদি সমালোচনা কৰে সেয়া মোদীৰ নহয়, সামগ্রিকভাৱে ভাৰতৰে সমালোচনা কৰা হয়৷ উল্লেখ্য যে আজিৰ এন বি এফৰ নেচনেল কনক্লেভৰ শুভ উদ্বোধন কৰে দেশৰ প্রাক্তন উপ–ৰাষ্ট্রপতি ভেংকায়া নাহডুৱে৷ কনক্লেভত ৰাষ্ট্রীয় বৈদ্যুতিন মাধ্যমৰ লগতে দেশৰ ভিন্ন প্রান্তৰ আঞ্চলিক বৈদ্যুতিন মাধ্যমৰো প্রতিনিধিসকলে অংশগ্রহণ কৰে৷ প্রথমবাৰৰ বাবে অনুষ্ঠিত এন বি এফৰ নেচনেল কনক্লেভত উপস্থিত থকা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই কয় যে এয়া হৈছে আঞ্চলিক আৰু ৰাষ্ট্রীয় পর্যায়ৰ ইলেক্ট্রনিক আৰু ডিজিটেল মিডিয়াৰ উমৈহেতীয়া এটা প্লেটফর্ম৷ আগতে আঞ্চলিক পর্যায়ৰ বৈদ্যুতিন মাধ্যমৰ বাবে সুকীয়াকৈ কোনো প্লেটফর্ম নাছিল৷ এতিয়া হয়াৰ জৰিয়তে আমি আত্মনিয়ন্ত্রণৰ লগতে আমাৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিব পাৰিম বুলি তেওঁ আশা ব্যক্ত কৰে৷ আজিৰ কনক্লেভত নিউজৰ লগতে আমাৰ সংবাদ গোষ্ঠীসমূহৰ ভৱিষ্যৎ কি হ’ব তথা আমি কেনেদৰে আগবাঢ়ি যাব পাৰিম এহ বিষয়বোৰক লৈ আলোচনা কৰা হৈছে বুলি ৰিণিকি ভূঞা শর্মাই জানিবলৈ দিয়ে৷ কনক্লেভত অংশগ্রহণ কৰা ‘নিউজ লাইভ’ৰ মুখ্য সম্পাদক জাৰিৰ হুছেইনে প্রকাশ কৰা মতে, নেচনেল ব্রডকাষ্টিং ফেডাৰেচন হৈছে প্রায় ৭০টা ৰাষ্ট্রীয় আৰু আঞ্চলিক নিউজ চেনেলৰে গঠিত এটা গোষ্ঠী৷ আজিৰ এই প্রথম নেচনেল কনক্লেভত মূলতঃ দুটা দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি জানিবলৈ দি হুছেইনে কয় যে ফিউচাৰ অৱ নিউজ অর্থাৎ সংবাদৰ ভৱিষ্যতৰ লগতে নিউজ ইণ্ডাষ্ট্রীৰ ভৱিষ্যতক লৈও আজিৰ এহ কনক্লেভত বিশেষ আলোকপাত কৰা হয়৷

You might also like