নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ সংযোগী আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ শুকানজুৰি সংযোগী ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱা বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত অতি শোচনীয় ৰূপ লৈ গো-বাটলৈ ৰূপান্তৰিত হৈছে। প্ৰণিধানযোগ্য যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বুকুৱেদি যোৱা এই পথটোৱেই হল অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেউমালি খুনচা বগাপানী আদি অঞ্চলৰ লোকে ৰাজ্যখনৰ অন্যান্য অংশৰ লগতে ৰাজধানী ইটানগৰলৈ যোৱা একমাত্ৰ পথ। একেদৰে উক্ত ঠাই কেইখনৰ জনসাধাৰণে চিকিৎসা সেৱা গ্ৰহণৰ বাবে অথবা বিভিন্ন বাণিজ্যিক কাৰণত অসমৰ ডিব্ৰুগড় তিনিচুকীয়া নাহৰকটীয়া দুলীয়াজান আদিলৈ আহযাহৰ বাবেও একমাত্ৰ এইটো পথেই ব্যৱহাৰ কৰিবলগীয়া হয়। আনহাতে নাহৰকটীয়া জয়পুৰৰ বিভিন্ন লোকেও দেউমালি বা খুনচাত নিজৰ ব্যৱসায়িক কামৰ বাবে দৈনিক এইটো পথেই ব্যৱহাৰ কৰিব লগা হয়। কিন্তু এনে এক গুৰুত্বপূৰ্ণ পথৰ মেৰামতিৰ ক্ষেত্ৰত নাহৰকটীয়াৰ পূৰ্বৰ জনপ্ৰতিনিধিসকলৰ অমনোযোগিতাৰ ফলত বিধ্বস্ত ৰূপ লৈ পথৰ ওপৰতে অতি বৃহদাকাৰ গাঁতৰ সৃষ্টি হোৱাৰ লগতে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে এই পথটোৱেদি সৰু গাড়ী এখন পাৰ হৈ যোৱাটো কোনো কাৰণতেই সম্ভৱ নহয়। একেদৰে এই পথছোৱাত দৈনিক বনৰীয়া হাতীয়ে পথৰ ওপৰত অৱস্থান লোৱা ঘটনা নৈমিত্তিক ঘটনালৈ ৰূপ লোৱাত পথচোৱাইদি পথচাৰীসকলে মৰণত শৰণ লৈহে যাত্ৰা কৰি জীয়াতু ভুগিব লগা হৈছে দুয়োখন ৰাজ্যৰ জনসাধাৰণে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ তিৰাপ জিলা ছাত্ৰ সন্থাৰ সহযোগত এক শ্ৰম দান কাৰ্যসূচী ৰূপায়ন কৰা হয়। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ, সাংগঠনিক সম্পাদক বিতোপন গগৈ, কাৰ্যনিৰ্বাহক ঋতুপৰ্ণ গগৈ, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰাঞ্জল প্ৰতীম গগৈ, সভাপতি ত্ৰিদিব শইকীয়া, সাধাৰণ সম্পাদক নিপু ভূঞা, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অসীম ফুকন, ছাত্ৰ সদৌ তিৰাপ জিলা ছাত্ৰ সন্থাৰ সভাপতি জায়াং বাংছিয়া, সাধাৰণ সম্পাদক প্ৰিয়াং পমহ আদিকে ধৰি দুয়োখন ৰাজ্যৰ শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থকা এই কাৰ্যসূচীত প্ৰায় ২৫ কিলোমিটাৰ দৈর্ঘৰ এই পথটোত ৩০ গাড়ীকৈ শিল পেলাই পথটোত সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰীসদৃশ গাঁতসমূহ পোতাৰ লগতে এখন জেচিবি গাড়ী ব্যৱহাৰ কৰি পথছোৱা যাতায়াতৰ বাবে কিছু পৰিমাণে হলেও সুচল কৰি তোলা হয়। প্ৰণিধানযোগ্য যে যি সময়ত ভূমিকেন্দ্ৰিক বিষয়ক লৈ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ সৈতে অসমৰ বিবাদ তথা আলাপ আলোচনা চলি আছে তেনে সময়তে দুয়োখন ৰাজ্য সংযোগী এটা সীমান্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত এনেদৰে অসম অৰুণাচলৰ ছাত্ৰ কৰ্মী সকল একেলগে ওলাই আহি হাতে কামে লগা ঘটনাই স্বাভাৱিকতে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা