নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰি কৰা সামগ্রী ওভতাই চোৰে চিঠিৰে বিচাৰিলে ক্ষমা

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: মন্দিৰত প্রৱেশ কৰি বিভিন্ন সামগ্রী চুৰি কৰিছিল এজন যুৱকে৷ চুৰি কৰিছিল ৰূপ, পিতলৰ বিভিন্ন সামগ্রী৷ মন্দিৰত চুৰি হোৱা এই ঘটনাৰ তদন্তও চলাইছিল আৰক্ষীয়ে৷ কিন্তু চোৰক কৰায়ত্ত কৰাটো সম্ভৱ নহ’ল৷ এনে সময়তে নিজৰ কৃতকর্মৰ বাবে অনুতপ্ত হৈ চুৰি কৰা সামগ্রী ওভতাই পঠিয়ালে অভিযুক্ত যুৱকজনে৷ ইয়াৰ উপৰি চুৰি কৰাৰ বাবে ক্ষমা প্রার্থনা কৰি চিঠিও লিখিছে যুৱকজনে৷ চিঠিখনত যুৱকজনে উল্লেখ কৰে যে চুৰি কৰাৰ ফলত বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে৷ গতিকে, তেওঁক ক্ষমা কৰি দিব লাগে৷ আৰক্ষী সূত্রই উল্লেখ কৰা অনুসৰি, শান্তিনাথ দিগম্বৰ জৈন মন্দিৰৰ পৰা ১০বিধ ৰূপ আৰু পিতলৰ সামগ্রী চুৰি হৈছিল৷ যোৱা ২৪ অক্টোবৰত এই ঘটনা ঘটে৷ অভিযুক্তক আৰক্ষীয়ে বিচাৰি নাপালে৷ কিন্তু যোৱা শুকুৰবাৰে মধ্যপ্রদেশৰ লামটা অঞ্চলৰ পঞ্চায়ত কার্যালয়ৰ সন্মুখত এখন বেগত চুৰি হোৱা সামগ্রী আৰু চোৰৰ পত্রখন উদ্ধাৰ হয়৷

You might also like