নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পতীয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: দেশৰ অন্যান্য প্ৰান্তৰ লগতে পতীয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়তো আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটোক  ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা হয় । লখিমপুৰ জিলাৰ। বৰদলনী শিক্ষাখণ্ডৰ অন্তগত  পতীয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমুহ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ  সমদলৰ সামূহিক দৌৰ তথা ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমেন কলিতাই । বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী সকলে বিদ্যালয়ৰ মুল তোৰণৰ পৰা সামুহিক দৌৰ আৰম্ভ কৰি পতীয়া চাপৰি অঞ্চলৰ প্ৰায় ৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি পুণৰ বিদ্যালয়ৰ চৌহদত প্ৰবেশ কৰি সামুহিক দৌৰৰ কাৰ্যসূচী সামৰণি মাৰে ৷
You might also like