নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী চিকিৎসালয়ত চোৰৰ তাণ্ডৱ! ৬৫ হাজাৰ টকাৰ বৈদ্যুতিক সামগ্ৰী চুৰি

বৰপেটা জিলাৰ হাউলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। এইবাৰ চোৰৰ লক্ষ্য হ’ল চৰকাৰী চিকিৎসালয়। হাউলীৰ ৩০খন বিছনাযুক্ত সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মীয়মাণ ভৱনত সংঘটিত হৈছে এই চুৰি কাৰ্য।

জানিব পৰা মতে, স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মীয়মাণ লেব’ৰেটৰী আৰু কনফাৰেন্স হলত সংৰক্ষণ কৰি ৰখা প্ৰায় ৬৫ হাজাৰ টকা মূল্যৰ বৈদ্যুতিক সামগ্ৰী চোৰে লৈ উধাও হয়। ভৱনটোত সংস্থাপন কৰাৰ বাবে আনি থোৱা বৈদ্যুতিক ৱেৰিং সামগ্ৰী, ফেন, লাইট আদি চোৰে চুৰি কৰি নিয়ে।

উল্লেখ্য যে নিৰ্মীয়মাণ ভৱনটোত ৩ জুনৰ পৰা কোনো ৰখীয়া নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই দৰ্জাৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু মূল্যৱান সামগ্ৰীসমূহ লৈ পলাই যায়।

ঘটনাৰ পিছতে স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষই হাউলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে চোৰক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

চৰকাৰী চিকিৎসালয়ৰ ভিতৰত সংঘটিত এই চুৰিকাণ্ডই হাউলী চহৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চিকিৎসালয়ৰ নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্মীয়মান চৰকাৰী ভৱনসমূহৰ সুৰক্ষাক লৈও বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে।

ডিজিটেল ডেস্ক, ৮ জুন

You might also like