নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত ৰাষ্ট্ৰীয় একতা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : ভাৰতৰ প্ৰাতঃস্মৰণীয় ব্যক্তি চৰ্দাৰ বল্লভ ভাই পেটেলৰ পৱিত্ৰ স্মৃতিত দেশজুৰি পালন কৰা “ৰাষ্ট্ৰীয় একতা দিৱস”ৰ কাৰ্যসূচী পৰ্বতঝোৰা মহকুমাৰ বিভিন্ন স্থানত আজি সুকলমে পালন কৰা হয়। তদুপলক্ষে মহকুমাটোৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অনছুলা বসুমতাৰীয়ে টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত পতাকা জোকাৰি সমূহীয়া দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ঠিক তেনেদৰে পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও হাইস্কুলতো ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি পুৱা  ছাত্ৰ-ছাত্ৰীসকলৰ সমূহীয়া দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰ্বতঝোৰা মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰিয়ংকৰ প্ৰতীম ডেকাই। বগৰীবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বগৰীবাৰীৰ ৰাজহ চক্ৰ বিষয়া দেৱজ্যোতি গগৈয়ে। দেৱীতোলা হাইস্কুলৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্কুলসমূহৰ উপ-পৰিদৰ্শক মংগলেশ্বৰ চৌধুৰীয়ে।মঙলাঝোৰা হাইস্কুলৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া একাব্বৰ আলীয়ে। উল্লেখযোগ্য যে মহকুমাটোৰ মুঠ ১৩খন স্কুলত আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী সুকলমে পালন কৰা হয়। প্ৰতিখন স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে দেশৰ অখণ্ডতা-সংহতি-সুৰক্ষা সন্দৰ্ভত শপতবাক্য পাঠ কৰে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰবৰ্তী

You might also like