নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ ৫২ লাখ ৰেচন কাৰ্ড : ধুবুৰীত ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

নিয়মীয়া বাৰ্ত, ৩১ অক্টোবৰঃ ৰাজ্যৰ দৰিদ্ৰ পৰিয়াললৈ সুখৱৰ। ৰাজ্যত নতুনকৈ ৫২ লাখ লোকক দিয়াৰ ব্যৱস্থা হাতত লৈছে যোগান বিভাগে। ধুবুৰীত আজি এই কথা ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। লগতে ৰাজ্যৰ আঢ্যৱন্ত লোকক ৰেচন কাৰ্ড পৰিহাৰ কৰাৰ বাবে তেওঁ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় ৫০জন লোকে ৰেচন কাৰ্ড পৰিহাৰ কৰা বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰিৰে ৰাজ্যৰ প্ৰায় আঢ়ৈ লাখ আঢ্যৱন্তই নিজৰ নিজৰ ৰেচন কাৰ্ড পৰিহাৰ কৰা বুলিও জনায় মন্ত্ৰী দাসে। তাৰেই প্ৰেক্ষাপটত সমগ্ৰ ৰাজ্যত দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৱ বাবে চৰকাৰে নতুনকৈ দিবল’গীয়া ৫২ লাখ ৰেচন কাৰ্ডৰ ২ লাখ ১২ হাজাৰ ৰেচন কাৰ্ড দিয়া হ’ব ধুবুৰী জিলাৰ দৰিদ্ৰ পৰিয়ালক। উল্লেখ্য যে, ধুবুৰীস্থ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে “অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১”ৰ অধীনত হিতাধিকাৰী সকলক আনুষ্ঠানিক ভাৱ্ চেক বিতৰণ কৰে। উক্ত আঁচনিৰ অধীনত জিলাখনৰ মুঠ ১,৪৮৩গৰাকী হিতাধিকাৰীক মুঠ ২,৪৮,১৩,১৮৬ কোটি টকাৰ চেক আজি বিতৰণ কৰা হয় ৷ অনুষ্ঠানত জিলা উপায়ুক্ত দিবাকৰ নাথ, বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ড৹ দেৱময় সান্ন্যাল, ধুবুৰী–গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ নৱনিযুক্ত অধ্যক্ষ দীপক কুমাৰ সাহা, জিলাখনৰ গৌৰীপুৰ আৰু বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিধায়কদ্বয় বলেন মুছাহাৰী আৰু অশোক সিংহী, জ্যেষ্ঠ বিজেপি নেতা বিমল অ’ছৱাল প্ৰমুখ্যে বহু মান্যগণ্য ব্যক্তি উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like