নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ সমাগত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূত্বত আজি ঢকুৱাখনা সমষ্টিৰ একমাত্ৰ দেউৰী গাঁও বালি দেউৰী গাঁৱত ইনুপ্ৰভা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷ দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ ৯নং স’সদীয় মাজুলী সমষ্টিৰ প্ৰাৰ্থী ইনু প্ৰভা দেউৰীৰ হৈ বালি দেউৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়কগৰাকীৰ লগতে সাংসদ প্ৰদান বৰুৱাই পৰিষদীয় নিৰ্বাচনী বতাহ উত্তপ্ত কৰি নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে৷ বিধায়কগৰাকীৰ এই প্ৰচাৰ অভিযানত বিজেপিৰ ঢকুৱাখনা আৰু মাজুলী জিলা সমিতিৰ বহুসংখ্যক নেতা কৰ্মীয়েও অংশগ্ৰহণ কৰে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি
You might also like