নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যাৱসায়। যোৱানিশা হোজাই ডবকাত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰাৰ লগতে মহিলাসহ দুজনক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্যল্যৰ সৃষ্টি কৰিছে৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ এক গোপন সুত্ৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিত দুৱৰা আৰু সহকাৰী আৰক্ষী অধীক্ষক ৰৌজী তালুকদাৰৰ তত্বাৱধানত হোজাইৰ ডবকা থানাৰ আৰক্ষীয়ে আক অভিযান চলাই উদ্ধাৰ কৰে এই চোৰাং চুপাৰিখিনি৷ দহটা বস্তাত উদ্ধাৰ হোৱা চুপাৰীখিনিৰ ওজন ১,০১৬ কিলোগ্ৰাম অৰ্থাৎ ১০ কুইন্টলতকৈও অধিক৷লগতে গ্ৰেপ্তাৰ কৰা দুজন ক্ৰমে আজিজুৰ ৰহমান আৰু ফাতিমা বেগম৷ দুয়োৰে ঘৰ ডবকাৰ চাংমাজিত বুলি আৰক্ষীয়ে জনায় ৷ এই বাৰ্মিজ চুপাৰিৰ মুল নায়ক যমুনামুখৰ জনৈক ফাৰুক আহমেদ বুলি জানিব পৰা গৈছে ৷ ফাৰুকে চুপাৰীৰ সৈতে আৰু আন নিষিদ্ধ ব্যৱসায় কৰাৰ সন্দেহ কৰিছে আৰক্ষীৰ৷ এই বেপাৰৰ লগত আৰু বহুকেইজন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে৷ নিশাই ফাৰুকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই যদিও আৰক্ষী যোৱাৰ উমান পাই পলায়ন কৰে৷অবৈধ ব্যৱসায়ৰ লগত জৰিত ইতিমধ্যে চুপাৰি মাফিয়াৰ বিৰূদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে আটক কৰা দুয়োকে আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰন কৰে৷
প্ৰেৰক কিশলয় দেৱগোস্বামী