বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অসমীয়া ছবি জগতৰ স্বনামধন্য অভিনেতা সদ্যপ্রয়াত নিপন গোস্বামী আৰু প্রথিতযশা চিত্রশিল্পী সদ্যপ্রয়াত নীলপৱন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবর্গক গভীৰ সমবেদনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি যশস্বী অভিনেতা নিপন গোস্বামীৰ গুৱাহাটীৰ শিলপুখুৰীস্থিত বাসগৃহত উপস্থিত হৈ তেওঁৰ প্রতিচ্ছবিত মাল্যার্পণ কৰি গভীৰ শ্রদ্ধা নিবেদন কৰে৷ বহুকেইখন অসমীয়া চলচিচত্রত হূদয়স্পর্শী আৰু মননশীল চৰিত্রত অভিনয় কৰি দর্শকৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছিল এই অভিনেতাগৰাকীয়ে৷ শৈশৱৰে পৰা নিবিড় সম্পর্ক থকা প্রয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰে৷ আজি সাংবাদিকৰ সৈতে হোৱা বার্তালাপৰ সময়ত মুখ্যমন্ত্রীয়ে কয় যে নিপন দাৰ লগত সৰুতে মই ককাদেউতা নাতি আৰু হাতী চলচিচত্রত অভিনয় কৰিছিলোঁ আৰু সেই সময়ত নিপনদাৰ সৈতে প্রায় এমাহ নগাঁৱত একেলগে আছিলো৷ কামপুৰত শ্বুটিং হৈছিল৷ গতিকে তেওঁৰ লগত শৈশৱৰে পৰা এক অত্যন্ত মধুৰ সম্পর্ক আছিল৷ মৃত্যুৰ পূর্বেও তেওঁ মোৰ তাত আহিছিল, বিশেষ কিছুমান কথা আলোচনা কৰিছিলো আৰু মই ভাবো যে অসমৰ ৰাইজে এগৰাকী বহুমুখী প্রতিভাসম্পন্ন অভিনেতাক হেৰুৱালে৷ বিশেষকৈ যি ধৰণে নিপন গোস্বামী, বিজু ফুকনক আমাৰ প্রজন্মটোৱে জানিছিল আৰু তেওঁলোকৰ ইমান প্রতিভা আছিল৷ হয়তো সেই সময়ত ভাল সুযোগ–সুবিধা পালে তেখেতসকলে অসমৰ পৰিৱেশেই সলনি কৰিলে হয়৷ আজি ভাল পৰিৱেশ আহিছে৷ আগতে সেই পৰিৱেশ নাছিল৷ তেওঁৰ বিয়োগত জাতিৰ এটা অপূৰণীয় ক্ষতি হল৷ ইয়াৰ পূর্বে, প্রথিতযশা চিত্রশিল্পী, অসম সৌৰভ বঁটা প্রাপক নীলপৱন বৰুৱাৰ গুৱাহাটীৰ বেলতলাৰ সৌৰভ নগৰস্থিত বাসগৃহত উপস্থিত হৈ আজি মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ প্রতিচ্ছবিত মাল্যার্পণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক গভীৰ সমবেদনা জ্ঞাপন কৰে৷ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী চিত্রশিল্পীয়ে নিৰলস সাধনাৰে বিগত কেইবাদশক ধৰি অসমৰ কলাৰ ক্ষেত্রখনক সমৃদ্ধ কৰি আহিছিল৷ তেওঁৰ অৱদান স্মৰণীয় হৈ ৰব বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়৷