সোণালী জয়ন্তী উপলক্ষে বাপুজী মহাবিদ্যালয় সৰুক্ষেত্ৰীৰ থীম ছং মুকলি
বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ অহা ১৮, ১৯ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হব লগা বাপুজী মহাবিদ্যালয় সৰুক্ষেত্ৰীৰ সোণালী জয়ন্তীৰ থীম ছংটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। তদুপলক্ষে আজি আবেলি দুই বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ৰমেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত গীতটো উন্মোচন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি গৌৰীকান্ত বৰ্মনে। বাপুজী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা সাংস্কৃতিক উপ-সমিতিৰ সহকাৰী সম্পাদক ধীৰু ডেকাই ৰচনা কৰা গীতটো সুৰেৰে সজায় নতুন প্ৰজন্মৰ জনপ্ৰিয় শিল্পী আৰ্যনীল বৰাই। প্ৰতিষ্ঠিত সংগীত পৰিচালক মানস হাজৰিকাই সংগীত পৰিচালনা কৰা গীতটোত কণ্ঠদান কৰে আৰ্যনীল বৰা, ৰেখা ভাৰতী, প্ৰাঞ্জল পৰশ ভূঞা, ৰাহুল ৰিয়ান আৰু কৃষ্ণাক্ষি দাসে। উন্মোচনী সভাত সাংস্কৃতিক উপ-সমিতিৰ সভাপতি ৰুণু দাস, সম্পাদক পৰেশ ভূঞা সমন্বিতে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে।
থীম ছংটোৰ লিংক