শিক্ষা উন্নয়নৰ ওপৰত সভা : কোকৰাঝাৰত নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰা শিক্ষকক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : কোকৰাঝাৰ জিলাৰ জৰেগাঁও সমল মণ্ডল কেন্দ্ৰৰ অন্তৰ্গত ৮১৪নং ছেদামাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি এক শিক্ষা উন্নয়নৰ ওপৰত এক সভা অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষ্মন হেমব্ৰমৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিষ্ঠাৰে দায়িত্ব পালন কৰি বিদ্যালয়ৰ উন্নতি কল্পে নেৰানেপেৰাকৈ লাগি থকা সহ শিক্ষক লোহিত ৰাভাক ৰাজবংশী হালধীয়া গামোচা, আদিবাসী চাওতাল জনগোষ্ঠীৰ সেউজীয়া গামোচা, শৰাই আৰু মানপত্ৰ আদি প্ৰদান কৰি উস্ম সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত তেওঁৰ সহধৰ্মীনি দ্বীপান্তিতা ৰাভাকো সম্বৰ্ধনা জনোৱা হয়। আনহাতে বিদ্যালয়খনত নতুনকৈ যোগদান কৰা নলবাৰী নিৱাসী সুভাষ তালুকদাৰ আৰু বাগছা জিলা নিৱাসী চম্পক তালুকদাৰকো চিনাকীদি সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত দাসে আঁতধৰা অনুষ্ঠানটিত জৰেগাঁও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নৱকান্ত ৰায়ে এসময়ত অতি পিছপৰা ঠাইত অৱস্থিত বিদ্যালয় খনৰ কাষেৰে পাৰ হৈ গলে কোনো দিন খোলা দেখা নোপোৱাৰ কথা কৈ সম্প্ৰতি বিদ্যালয় খন ব্যতিক্ৰম হোৱাৰ কথা উল্লেখ কৰে। সম্প্ৰতি সকলো ফালেদি উন্নয়নৰ জখলাত আৰোহণ কৰি জিলা, ৰাজ্য আৰু সৰ্ব ভাৰততে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি কয়। প্ৰধান শিক্ষক কৃষ্ণ কান্ত দাসৰ নেৰানেপেৰা প্ৰচেষ্টাত এই উন্নয়ন সম্ভৱ হোৱা বুলি তেওঁ উল্লেখ কৰে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সংবাদসেৱী ভৃগু মুনি ৰায়ে কামৰ প্ৰতি নিচা থাকিলে কোনো কষ্ট অনুভৱ নহয়। নিচা আৰু আগ্ৰহ থাকিলে অসম্ভকো সম্ভৱ কৰা যায় বুলি তেওঁ কয়। তেনে উদাহৰণ দাঙি ধৰিছে ছেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত দাস আৰু সহ শিক্ষক লোহিত ৰাভাই । এই বুলি উল্লেখ কৰি নতুনকৈ যোগদান কৰা শিক্ষক দুগৰাকীকো তেনেদৰে শিক্ষা উন্নয়নত নিচাসক্ত হৈ শিক্ষাদান কৰিবলৈ আহ্বান জনায়। অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ ৰায়েও বিদ্যালয়খনৰ অতীত স্মৃতি ৰোমন্থন কৰি বক্তব্য দাঙি ধৰে।
প্ৰেৰক ভৃগু মুনি ৰায়