সীমান্ত চেতনা মঞ্চৰ ধুবুৰী নগৰ সমিতিৰ শপত গ্ৰহণ
নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ ধুবুৰীৰ বালুৰচৰস্থিত সীমান্ত ভৱনত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ নৱনিযুক্ত কাৰ্য্যকৰ্তা আৰু সদস্যসকলৰ শপত গ্ৰহণ কাৰ্য্যসূচী অনুষ্ঠিত হয়। সংগঠনটোৰ জিলা কমিটীৰ সভাপতি হেমন্ত ৰায়ে নগৰ কমিটীৰ নৱনিযুক্ত সভাপতি দিৱস অধিকাৰী আৰু সাধাৰণ সম্পাদক বিপুল প্ৰসাদকে ধৰি কমিটীখনৰ মুঠ ১৫গৰাকী কাৰ্য্যকৰ্তা আৰু সদস্যক অগ্নিক সাক্ষী ৰাখি শপত বাক্য পাঠ কৰোৱায়। ভাৰত মাতা পূজনেৰে আৰম্ভ হোৱা শপত গ্ৰহণ কাৰ্য্যসূচী ‘ৰাষ্ট্ৰীয় সংগীত’’ পৰিৱেশনেৰে অন্ত পৰে। কালি অনুষ্ঠিত কাৰ্য্যসূচীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়কে ধৰি জিলা সমিতিৰ অন্যান্য কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী