নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ একোটা আদর্শ অংগনৱাড়ী কেন্দ্র শিশুৰ বৌদ্ধিক উত্তৰণৰ পথিকৃৎ হিচাপে কাম কৰিব পাৰে আৰু আগন্তুক সময়ত এই কেন্দ্ৰসমূহৰ যোগেৰে সমাজত এক শক্তিশালী প্ৰজন্মৰ উদ্ভৱ হব৷ এনেধৰণৰ প্ৰজন্মক লৈয়েই চৰকাৰ, দেশ তথা জাতি গৰ্বিত হব পাৰিব৷” এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ তিনিটা স্থানত ৭৫ লাখ টকা ব্যয়সাপেক্ষে তিনিটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰি কয় যে নতুন প্ৰজন্মৰ উত্তৰণৰ বাবেই ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে বৰ্তমানৰ চৰকাৰখনে উদাৰতাৰে কাৰ্য ব্যৱস্থা হাতত লৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্রান্তত কেবাটাও আদর্শ অংগনৱাড়ী কেন্দ্র স্থাপন কৰি আহিছে৷ তাৰেই অংশস্বৰূপে আজি পাটাছাৰকুছি সমষ্টিত আজি তিনিটাকৈ আদর্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰে মন্ত্রী দাসে৷ আজি উদ্বোধন কৰা অংগনৱাড়ী কেন্দ্রকেইটা হৈছে ক্ৰমে ১৪৪নং বামুণকুছি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, ৪১নং লেছেৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু ১২৩নং ৰূপদিগা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ৷ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সতে বজালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা, পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰী, উপ-পৌৰপতি ৰাতুল ৰয়, কনিষ্ঠ অভিযন্তা দিলীপ কলিতা, অগপ নেতা জিণ্টু চৌধুৰীসহ ভালেসংখ্যক লোক উপস্থিত থাকে৷ আবেলি মন্ত্ৰীগৰাকীয়ে বজালী জিলা ক্ৰীড়া একাডেমীৰ উদ্যোগত আৰু অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয়ৰ তত্ত্বাৱধানত তথা অসম চৰকাৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ NIS এথলেটিকছ প্ৰশিক্ষক গোবিন্দ মালাকাৰৰ পৰিচালনাত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ২ নৱেম্বৰৰ পৰা চলি থকা ২১ দিনীয়া এথলেটিকছ প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে৷ তেওঁ বজালী অঞ্চলৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈসকলক উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে প্ৰতিভা বিকাশ কৰাৰ সুবিধা প্ৰদান কৰা এই প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অভিনন্দন জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like