নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৌতূহল : লাহোৱালৰ ৰাংলিটিঙত অদ্ভূত আকাৰৰ কুকুৰাৰ কণী

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ এটা আশ্চৰ্যকৰ ঘটনা। যিটো ঘটনাৰ প্ৰভাৱ প্ৰতিক্ৰিয়া বিশেষ ন’হলেও কিন্তু কুকুৰা পালকৰ লগত জড়িত লোকসকলে ভাবিবলগীয়া এটা ঘটনা। লাহোৱাল সমষ্টিৰ ৰাংলিটিং চাহ বাগিচাৰ চিকিৎসালয়ৰ এগৰাকী চিকিৎসাকৰ্মীৰ ঘৰত সংঘটিত হৈছে এই ঘটনা৷ ৰাংলিটিং চাহ বাগিচাৰ হাস্পতালত কৰ্মৰত খুলদা গগৈ বৰপাত্ৰ নামৰ চিকিৎসাকৰ্মীগৰাকীৰ ঘৰত কুকুৰাই কেইদিনমানৰ পৰা পাৰি আহিছে অদ্ভুত আকাৰৰ কেইটামান কণী। কণীবিলাকৰ আকাৰ আৰু আকৃতি আন স্বাভাৱিক কুকুৰাতকৈ বেলেগ ৷ কুকুৰাৰ কণীৰ আকাৰ আকৃতি চাই গৃহস্থৰ লগতে আন লোকে কণীকেইটা চাই হাঁহিছে। স্বাভাৱিকতে কণীৰ আকৃতি চাই হাঁহি উঠিলেও কিন্তু কুুকুৰা পালকসকলে এই কথা জনা উচিত যে কি কাৰণত আচলতে কুকুৰাই এনেধৰণৰ কণী পাৰে? এই বিষয়ে জানিবলৈ নিয়মীয়া বাৰ্তাৰ লাহোৱালৰ প্ৰতিবেদকে পশু চিকিৎসক ড° কে এন গগৈৰ স’তে হোৱা এক সাক্ষাতত চিকিৎসকজনে কুকুৰাই কেলচিয়াম আৰু ফছফৰাছৰ অভাৱতেই এনেকুৱা আকৃতিৰ কণী পাৰে বুলি জানিবলৈ দিছে । আনহাতে স্বাভাৱিক অৱস্থাতো কুকুৰাই কেতিয়াবা এনেধৰণৰ কণী পাৰে ৷ ইয়াক লৈ কুকুৰা পালক সকলে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই বুলিও চিকিৎসক জনে অৱগত কৰিছে।

You might also like