নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি জাতীয় বিদ্যাপীঠত এপিএছচি উত্তীৰ্ণ হৰিচৰণ ভূমিজক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ অসম লোক সেৱা আয়োগৰ ২০২০ বৰ্ষৰ পৰীক্ষাৰ অসম আৰক্ষী সেৱা বিভাগত উত্তীৰ্ণ হোৱা মৰিয়নিৰ হৰিচৰণ ভূমিজক তেওঁ অধ্যয়ন কৰা মৰিয়নি জাতীয় বিদ্যাপীঠ বিদ্যালয়ে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ কয়- প্ৰত্যেকৰে জীৱনলৈ বিপদ আহিব পাৰে । সেই বিপদৰ সময়ত ধৈৰ্য্য হেৰুৱাব নালাগিব। বিপদত ধৈৰ্য্য নেহেৰুৱা লোকেই লক্ষ্যত উপনীত হ’ব পাৰে। তেওঁ লগতে ইতিবাচক মনোভাব লৈ কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। মনৰ মাজত ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাস ৰাখিব পাৰিলে যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি বুলি তেওঁ লগতে উল্লেখ কৰে। আনহাতে, হৰিচৰণে সকলোৰে প্ৰতি কৃতজ্ঞতা জনোৱাৰ লগতে শৈক্ষিক জীৱনত মৰিয়নি জাতীয় বিদ্যাপীঠৰ প্ৰতিজন শিক্ষক- শিক্ষয়িত্ৰীয়ে আগবঢ়োৱা অৱদানৰ কথা কৃতজ্ঞতাৰে সোঁ‌ৱৰে। তদুপৰি প্ৰথম বিদ্যালয়লৈ আহি পঢ়া পাঠ্যপুথিৰ ‘কবিতা’ আওৰাই সকলোকে মুগ্ধ কৰে হৰিচৰণে। নিজ বিদ্যালয়ত সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰা হৰিচৰণে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱাৰ অৱদানৰ কথা স্মৰণ কৰে। সৰুতে পিতৃক হেৰুৱা হৰিচৰণে অধ্যক্ষ গোহাঁইবৰুৱাকে পিতৃজ্ঞান কৰা বুলি মন্তব্য কৰাৰ লগে লগে এক আবেগিক পৰিবেশৰ সৃষ্টি হয়। তেওঁ শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক গামোচাৰে সন্মান জনায়। উল্লেখযোগ্য যে মৰিয়নি জাতীয় বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ হৰিচৰণ ভূমিজক বিদ্যালয় কৰ্তৃপক্ষই সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা দিছিল। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী অনুশ্ৰী গোহাঁইবৰুৱাই আঁ‌ত ধৰা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষাবিদ-সমাজকৰ্মী বিমান বৰবৰা, জ্যেষ্ঠ ব্যক্তি ধীৰেন্দ্ৰ নাথ দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষক নেকিবুল ইছলাম, ঔপন্যাসিক অজিত বিকাশ গোহাঁইবৰুৱা, নিবন্ধকাৰ-অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ভূপেন্দ্ৰ নাথ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্ত, শিল্পী তৰুণ শইকীয়া, কৃতী শিক্ষক নগেন গগৈ, ধৰ্মপ্ৰাণ ব্যক্তি দ্বীপেন ফুকন, বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক মুকিব জামাল আহমেদ, প্ৰাক্তন ছাত্ৰ জিংকুমনি গগৈ, শিক্ষয়িত্ৰী দুলুমনি মালাকাৰ আদিয়ে বক্তব্য প্ৰদান কৰে। বিদ্যালয়খনৰ অধ্যক্ষ ৰঞ্জিত গোহাঁই বৰুৱাই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটোত হৰিচৰণৰ মাতৃ লক্ষী ভূমিজকো সম্বৰ্ধনা জনোৱা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত হৰিচৰণক চেলেং চাদৰ, গামোচা, সঁ‌ফুৰা, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনায়। একেটা অনুষ্ঠানতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, শুভাকাংক্ষী ব্যক্তি আদিয়েও হৰিচৰণক সম্বৰ্ধনা জ্ঞাপন কৰে । মনোগ্ৰাহী অনুষ্ঠানটোত প্ৰাক্তন শিক্ষয়িত্ৰীদ্বয় প্ৰভা বৰা আৰু হিমানী গগৈ, প্ৰাক্তনদ্বয় শিক্ষক প্ৰদীপ বৰা আৰু চহন কানু, সমাজকৰ্মী ৰাতুল হাতীবৰুৱা, খগেন সন্দিকৈ, অজিত শইকীয়া, অৰুণ বেৰীয়া, যুৱ সমাজকৰ্মী দিলীপ চাহু, প্ৰাক্তন ছাত্ৰ বিনোদ কেওট, প্ৰণৱজ্যোতি নাথ, অভিজিত গগৈ, প্ৰাক্তন ছাত্ৰী ৰাস্না কোঁচ, জ্যেষ্ঠ শিক্ষক জীৱন চন্দ্ৰ দত্ত, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ইস্মায়েল তাঁ‌তী, নিতু গোহাঁইবৰুৱা, ৰুমা ডেকা, দিপ্তী শইকীয়া, সংগীতা বৰঠাকুৰ, ৰেখামনি ঠেঙাল, ৰাজু চেতিয়া, ৰীতামনি গগৈ, ৰশ্মিৰেখা শইকীয়া, বন্দনা শইকীয়া, সুতাপা দত্ত দে, মৌমিতা দাস, ৰিমলি চাংমাইবৰুৱা, লক্ষী নায়ক, সঞ্জয় দাস, জীতেন্দ্ৰ ৰায়, সুৰজিত শৰ্মা, সুভাষিনী তাঁ‌তী, গীতা দে, অপৰূপা ভূমিজ আদিৰ উপৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আদি উপস্থিত থাকে। ইয়াৰ পূৰ্বে মাতৃৰ সৈতে বিদ্যালয়ত প্ৰৱেশ কৰোঁতে প্ৰাক্তন ছাত্ৰজনক বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে অভিবাদন জনায় ।

দিব্যজ্যোতি শইকীয়া

You might also like