পাঠশালাত অনুৰাগ সাহিত্য আলোচনীৰ শীতৰ দুৱাৰমুখত সাহিত্য-কথা অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ পাঠশালাৰ অগ্ৰণী সাহিত্যানুষ্ঠান অনুৰাগ সাহিত্য আলোচনীৰ উদ্যোগত লাচিত নগৰস্থিত কাৰ্যালয়ত ‘শীতৰ দুৱাৰ মুখত সাহিত্য-কথা’ শীৰ্ষক এখনি সৰ্বাংগসুন্দৰ অনুষ্ঠান অনুষ্ঠিত হয়। পাৰ্থপ্ৰতীম কলিতাৰ গীতৰ শৰাইৰে আৰম্ভ হোৱা তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড৹ বিনীতা বৰা দেৱ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত মিৰ্জাৰ বিশিষ্ট শিক্ষাবিদ ড৹ পাৰিতোষ চক্ৰৱৰ্তীয়ে গাৰো সাহিত্যৰ ওপৰত, বঙাইগাও কলেজৰ অধ্যাপিকা ড৹ হীৰুমণি কলিতাই সাম্প্ৰতিক কবিতাৰ গতি প্ৰকৃতিৰ ওপৰত আৰু ড৹ ভবেশ ডেকাই সাহিত্যৰ ইটো সিটোক লৈ ভাষণ ৰাখে। অনুষ্ঠানত অনুৰাগৰ আকালৰ দিনৰ উৎসৱ সংখ্যা উন্মোচন কৰি বিশিষ্ট কবি ধ্ৰুৱ কুমাৰ তালুকদাৰে আলোচনীখনৰ ভূয়সী প্ৰশংসা কৰে। উক্ত অনুষ্ঠানতে মামণি ডেকাক অনুৰাগ সাহিত্য বঁটা ২০২১ মৌচুমী ৰাজখোৱাক কাব্য সম্ৰাজ্ঞী বঁটা ২০২১, ড৹ দীপমণি দাসক কাব্যপ্ৰাণ বঁটা ২০২১, মণিদীপা বৰ্মনক কাব্য সাধিকা বঁটা ২০২১, অনামিকা ৰায়ক নিষ্ঠাবান কাব্য চৰ্চাকাৰী বঁটা ২০২১, কবিতা কৰ্মকাৰক অনুৰাগ সাহিত্য বঁটা ২০২২ আৰু প্ৰিয়ংকা চমুৱাক কাব্য সম্ৰাজ্ঞী বঁটা ২০২২ প্ৰদান কৰা হয়। বঁটাসমূহ প্ৰদান কৰে ক্ৰমে মুখ্য সম্পাদিকা বিজু দাস, সম্পাদিকা হিমানী দাস, সহঃ সম্পাদিকা গৰিমা ভৰদ্বাজ, উপদেষ্টা হৃদয় পাটগিৰি, বিনীতা গোস্বামী আৰু বিশিষ্ট সাহিত্যিক ড৹ বিনীতা বৰা দেৱচৌধুৰীয়ে।অনুষ্ঠানৰ সতে সংগতি ৰাখি আয়োজিত কবিতা পাঠ অনুষ্ঠানত হিমাংগ দাস, হীৰা দেৱী, ধনজিতা নাথ, অভিজিত তালুকদাৰ, ছাইফুল ইছলাম, দীপালিমা দত্ত আদি ভালেসংখ্যক কবিয়ে কবিতা পাঠ কৰে। তদুপৰি পীযূষ পাঠক, ভাস্কৰ কলিতা, সঞ্জীৱ তালুকদাৰ, যুগান্ত দাস, ফুলেশ্বৰী ডেকা বৰুৱা, অলকা বৰুৱা আদি বহু বিশিষ্ট কবিয়ে অনুষ্ঠানত উপস্থিত থাকি সৌস্থৱ বৃদ্ধি কৰে।পাঠিত কবিতাসমূহ পৰ্যালোচনা কৰে সাহিত্যিক হৃদয় পাটগিৰিয়ে৷
প্ৰেৰক কল্যাণ কলিতা