নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: যেন বলীউডৰ ব্লক ব্লাষ্টাৰ ‘শ্বোলে’ত ধর্মেন্দ্রৰ অভিনয় ইচ্ছা পূৰণত ব্যর্থ হৈ বৈদ্যুতিক তাঁৰৰ খুঁটাত উঠি আত্মহত্যাৰ ভাবুুকি দিলে যুৱকে৷ নির্বাচনত প্রার্থিত্ব নোপোৱা বাবে এই হুংকাৰ যুৱকজনৰ৷ আজি হাই টেনচন বিদ্যুতৰ খুঁটাত উঠে প্রাক্তন আপ কাউন্সিলৰগৰাকীয়ে৷ দিল্লী পৌৰ নিগমৰ আসন্ন নির্বাচনত প্রার্থী হিচাপে আম আদমী পার্টীয়ে প্রক্ষেপ নকৰিলে প্রাক্তন কাউন্সিলৰগৰাকীক৷ প্রার্থিত্ব নোপোৱাৰ বাবেই আত্মহত্যাৰ ভাবুকি দিলে হাছিব–উল–হাছান নামৰ প্রাক্তন আপ কাউন্সিলৰগৰাকীয়ে৷ আজি দিল্লীৰ শাস্ত্রী পার্কৰ মেট্র’ ষ্টেচনৰ ওচৰৰ হাই টেনচন বিদ্যুতৰ খুঁটাত উঠে হাছিব–উল–হাছানে৷ আপৰ ‘ভুল’ নীতিৰ বাবে প্রার্থিত্ব প্রদান নকৰা বুলি অভিযোগ আনিছে হাছিবে৷ এই ঘটনাক লৈ সমগ্র অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে অগ্ণিনির্বাপক বাহিনী আৰু আৰক্ষীয়ে পাছত হাছিবক খুঁটাৰ পৰা নামিবলৈ বাধ্য কৰায়৷