নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান মহাবিদ্যালয়ত শিশু পৰিচৰ্যা কেন্দ্ৰ “আতোলতোল” মুকলি

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ দুলীয়াজান মহাবিদ্যালয়ত শিশু দিৱসৰ লগত সংগতি ৰাখি এটি শিশু পৰিচৰ্যা কেন্দ্ৰ মুকলি কৰা হয়। “আতোলতোল” শীৰ্ষক কেন্দ্ৰটি দুলীয়াজান মহাবিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত আৰু শিক্ষক গোট আৰু মহিলা কোষৰ যৌথ প্ৰচেষ্টাত মুকলি কৰা হৈছে। কেন্দ্ৰটি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোকবিকাশ গগৈয়ে ইয়াৰ সদ্‌ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অনাগত দিনত পৰ্যায়ক্ৰমে ইয়াৰ অধিক উন্নীতকৰণৰ প্ৰতিশ্ৰুতি দিয়ে। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ যুটীয়া সমন্বয়ক জয়ন্ত দত্তই মহাবিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে সন্তানক ঘৰত এৰি থৈ আহি যথেষ্ট মানসিক চাপত যে কৰ্ম সম্পাদন কৰিবলগীয়া হয় আৰু এনেধৰণৰ কেন্দ্ৰৰ সুবিধাই সকলোকে মানসিকভাবে চাপমুক্ত কৰিব বুলি মত পোষণ কৰে। শিক্ষাবিভাগৰ সহযোগী অধ্যাপিকা ড° মনচুন হাতীবৰুৱাই বৰ্তমান যৌথ পৰিয়ালবিলাক নোহোৱা হোৱাত সৰু ল’ৰা-ছোৱালীবিলাকেও যে বহুতো ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে সেই কথা দোহাৰে। বিশেষকৈ কথা পতাৰ বাবে লগ নোহোৱাত শিশুসকলে এটা নিৰ্দিষ্ট বয়সত যিমান শব্দ ক’ব পাৰিব লাগে তেওঁলোকে ক’বলৈ সক্ষম নহয়। গতিকে এইধৰণৰ শিশু পৰিচৰ্যা কেন্দ্ৰই শিশুসকলৰ সেই সমস্যাসমূহৰ দূৰীকৰণৰ লগতে সামাজিকীকৰণতো ভূমিকা গ্ৰহণ কৰিব বুলি তেখেতে মন্তব্য প্ৰকাশ কৰে। ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা পিংকী শৰ্মা শইকীয়া আৰু ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° কল্যাণী ৰাজকুমাৰীয়ে “অ’ তুলতুল অ’ বুলবুল” শীৰ্ষক গীত পৰিৱেশনেৰে অনুষ্ঠানটি উপভোগ্য কৰি তোলে। ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক তথা দুলীয়াজান মহাবিদ্যালয় শিক্ষক গোটৰ সম্পাদক নয়নজ্যোতি হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত ‘আতোলতোল’-ৰ তত্ত্বাৱধায়িকা হিচাপে দায়িত্ব লাভ কৰা ডঃ মুনমী কোঁৱৰৰ লগতে মহাবিদ্যালয়ৰ ভালেসংখ্যক শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like