নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু দিৱসত কৃতী শিক্ষাৰ্থীক অভিনন্দন  বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ শিশু দিৱস উপলক্ষ্যে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই আজি  কৃতী ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে। বঙাইগাঁও শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম তথা বহিঃৰাজ্যৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰা কৃতী ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ শিশু দিৱস অনুষ্ঠানতে বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক তথা শোধনাগাৰ প্ৰধান নয়ন কুমাৰ বৰুৱাই প্ৰশস্তি পত্ৰ আৰু উপহাৰ টোপোলাৰে অভিনন্দন যাচে। অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক ( মানৱ সম্পদ) চন্দ্ৰিমা শৰ্মা আৰু উপ-মহাপ্ৰৱন্ধক (মানৱ সম্পদ)  আকাশ প্ৰতীম বৰুৱা উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। বঙাইগাঁও শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত জয়িতা বৰ্মন আৰু মৃগাংগ ৰায়ে বৰপেটা মেডিকেল কলেজত, চন্দ্ৰিকা দেৱী ৰায়ে ডিফু মেডিকেল কলেজত, মেথোকা ব্ৰহ্মই গুৱাহাটী মেডিকেল কলেজত এম বি বি এছ , চিৰনজিৎ ৰায়, মানসজ্যোতি মেধি, মিলেশ কুমাৰ, মৃত্যুঞ্জয় নাৰ্জাৰীয়ে শিলচৰ এন আই টিত ইঞ্জিনিয়াৰিং, দিগন্ত পুৰকায়স্থ, সূৰ্যৰাজ ব্ৰহ্ম, শিৱাঞ্জলি বৰগয়াৰিয়ে কোকৰাঝাৰ চি আই টিত ইঞ্জিনিয়াৰিং, বৰ্ণিল আকাশ ভূঞাই বেনাৰস হিন্দু ইউনিভাৰ্ছিটিত বি এছ চি আৰু প্ৰিয়া সৰকাৰে কলকাতা প্ৰেছিডেন্সী ইউনিভাৰচিটিত বি এছ পঢ়াৰ সুযোগ লাভ কৰিছে। শিশু দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয় খনৰ অধ্যক্ষ বিজয় কুমাৰ শৰ্মাই জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোৰঞ্জনৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। উল্লেখ্য যে বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী সকলৰ আবাসিক চৌহদত থকা ডি পি এছ ঢালিগাঁৱৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলকো আজি শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়।।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like