বিশেষ বাৰ্তা, ১৬ নৱেম্বৰ : বিভিন্ন প্ৰান্তৰ লগতে আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, ২০২২ উদযাপন কৰা হয়। অনুষ্ঠানটোত মুখ্য বক্তা হিচাপে থাকি সোণাৰি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা সুনীল গগৈয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই বছৰৰ মূল আলোচ্য বিষয় “ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা” সন্দৰ্ভত ভাষণ প্ৰদান কৰে। অতিৰিক্ত উপায়ুক্ত জাদেব আৰমানে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ আঁত ধৰে জিলা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া সমুজ্জল বৰাই। অনুষ্ঠানটোত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত পল বৰুৱাই অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে ভাষণ প্ৰদান কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ সংবাদকৰ্মীসকল উপস্থিত থকা অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, অভিজিত গগৈ আদিকে ধৰি জিলা প্ৰশাসনৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।
প্ৰেৰক দীপাংকৰ পাল