নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি ধুবুৰী জিলা পৰিষদৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰেছ দিৱসৰ কাৰ্যসূচীত ‘ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে গোলকগঞ্জৰ চিলাৰায় কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড৹ প্ৰতিমা নেওগীয়ে৷ তেওঁ কৃষি, অৰ্থিনীতি, শিক্ষা, পৰিবেশ ৰক্ষা আদিৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয় পোহৰলৈ আনি সংবাদ মাধ্যমে কৰা বা কৰাৰ সম্ভাৱনা থকা বাতৰিয়ে ৰাষ্ট্ৰ নিৰ্মাণত যোগোৱা অৰিহণাৰ প্ৰসংগ উল্লেখ কৰে৷ ড৹ নেওগীয়ে ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমে আগবঢ়োৱা অৰিহণাৰ ইতিহাসৰো ব্যাখ্যা কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমানে৷ মুখ্য অতিথিৰ ভাষণত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সাংবাদিকে সমাজ আৰু ৰাষ্ট্ৰ গঢ়াত আগবঢ়োৱা অৱদানৰ কথা উদাহৰণসহ উল্লেখ কৰে৷ সভাত উপস্থিত সাংবাদিকসকলক একোখনকৈ ফুলাম গামোচাৰে তেওঁলোকৰ অৱদানৰ কৃতজ্ঞতা স্বৰূপে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী