নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বদনকুছিত বাঁহৰ গহনা নিৰ্মাণৰ ওপৰত দক্ষতা উন্নীতকৰণ প্ৰশিক্ষণৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ বজালীৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত বদনকুছিৰ প্ৰায় ৩০ গৰাকী মহিলাক আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ পৰা বাঁহৰ গহনা নিৰ্মাণৰ প্ৰশিক্ষণ দিয়া হয়। গাঁৱৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰৰ মাজত হোৱা চুক্তি মৰ্মে অসমৰ আত্মসহায়ক গোট সমূহকো বাঁহৰ গহনা নিৰ্মাণৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে প্ৰথম অৱস্থাত চাৰি খন জিলাক সামৰি এই প্ৰশিক্ষণ প্ৰদান কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনে। ইয়াৰ ভিতৰত অসম চৰকাৰৰ পঞ্চায়ত মন্ত্ৰী তথা পাটাছাৰকুছিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ বিশেষ উদ্যোগত বজালীৰ বদনকুছিতো আত্মসহায়ক গোটৰ সদস্যসমূহক বাঁহৰ গহনা নিৰ্মাণৰ ওপৰত দহ দিনীয়া প্ৰশিক্ষণ দিবলৈ আগবাঢ়ি আহিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনে৷ উল্লেখ্য যে এই প্ৰশিক্ষণ অনুষ্ঠানত আজি অংশগ্ৰহণ কৰি বদনকুছিৰ মহিলাসকলে স্বাৱলম্বী হোৱাৰ উপৰিও উপাৰ্জনৰ এক পথ প্ৰশষ্ট হোৱা বুলি মন্তব্য কৰে। আনহাতে বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্ম সহায়ক গোটৰ লগত জড়িত প্ৰায় ২০০ গৰাকী মহিলাক এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ দিব বুলিও মন্তব্য কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱীকা মিছনৰ পৰিচালক ড° হাৰুন আহমেদে | ইপিনে আজিৰ এই অনুষ্ঠানত বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ পৰিচালক হাৰুণ আহমেদ, প্ৰকল্প প্ৰৱন্ধক উপাসনা দাস, ধ্ৰুৱজ্যোতি কলিতাৰ লগতে উপস্থিত থাকে প্ৰশিক্ষক এলিনা মমিন আৰু চুনু ঘৰফলীয়া সহ সাদেৰী পঞ্চায়তৰ ৱাৰ্ড সদস্য গৌতম দাস, জুনু কলিতা তথা বদনকুছি গঞা ৰাইজৰ মৃগেন দাস, হুমেশ্বৰ শৰ্মা, বিবেক দাস, গাওঁবুঢ়া বিৰাজ তালুকদাৰ সমন্বিতে লোকসকল৷

প্ৰেৰক কল্যাণ কলিতা

You might also like