নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত মৰ্গত থকা মহিলাৰ মৃতদেহৰ পৰা চকু উলিয়াই নিবলৈ চেষ্টা কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ মাৰ্ঘেৰিটাত অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ৰহস্যজনক ঘটনা। মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ মৰ্গৰ পৰা এগৰাকী মহিলাৰ মৃতদেহৰ পৰা এটা চকু উলিয়াই নিবলৈ চেষ্টা কৰা বুলি এক অভিযোগ উত্থাপিত হৈছে । মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত দিহিং চাহ বাগিছাৰ এগৰাকী মহিলাই মঙ্গলবাৰে আত্মহত্যা কৰিছিল । নিশা মৃতদেহটো মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গতে ৰখা হয়। কিন্তু আজি পুৱা পৰিয়ালৰ লোকে মৃতদেহটো মৰোনোত্তৰ পৰীক্ষা বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিব বিছৰাত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক ৷ মৃতদেহটোৰ এটা চকুত আঘাতৰ চিহ্ন। ফলত পৰিয়ালৰ লোকে মৃতদেহ চমজি লবলৈ অমান্তি হয় ৷ ইয়াৰ পাছতেই চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । পৰিয়ালৰ লোকৰ অভিযোগ যে কোনো মানৱ দেহৰ সৰবৰাহকাৰীয় মৃতদেহৰ পৰা চকু উলিয়াই নিবলৈ চেষ্টা চলাইছিল বুলি অভিযোগ কৰে। চিকিৎসালয়ৰ চিকিৎসক সকলে ঘটনাৰ সন্দৰ্ভত জ্ঞাত নহয় বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কোনোধৰনৰ মুখ খুলা নাই । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ মৰোণত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰি আছে। অন্যহাতে এক সূত্ৰই সন্দেহ কৰা অনুসৰি মৃত মহিলা গৰাকীৰ চকুত এন্দুৰ-নিগনীয়ে কামুৰি দিয়াৰ ফলত এনে ঘটনা সংঘটিত হ’ল। অৱশ্য সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্ত তথা মৰোণত্তৰ পৰিক্ষাৰ অন্তত জানিব পৰা যাব।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like