শিশুৰ মেদবহুলতা
ডাঃ মৃদুপ্লাৱন বৰা
শিশু ৰোগ বিশেষজ্ঞ
শিশুৰ স্বাস্থ্যৰ প্রতি পিতৃ–মাতৃ সদায়েই সচেতন৷ আজিৰ ভাৰতবর্ষৰ শিশুৰ স্বাস্থ্যৰ কথা উল্লেখ কৰিব খুজিলেই আমাৰ সন্মুখত জিলিকি উঠে পুষ্টিহীনতাৰ এখন নগ্ন ছবি৷ পুষ্টিহীনতা অকল ভাৰতৰে নহয়, বিশ্বৰে গুৰুতৰ এক স্বাস্থ্য সংকট৷
পুষ্টিহীনতাৰ বিপৰীতে আছে মেদবহুলতা৷ উপৰুৱাকৈ চালে মেদবহুল শিশুৰ সংখ্যা কম যেন লাগে যদিও বিগত কেইবছৰমানৰ পৰা ইয়াৰ মাত্রা বাঢ়ি আহিবলৈহে ধৰিছে৷ পৰিৱর্তিত আধুনিক জীৱন যাত্রা, আৰামপ্রিয় জীৱন আৰু সামর্থ্য, সম্পদেৰে পৰিপূর্ণ অৱস্থা আদিয়ে এই নতুন সমস্যায়ো গা কৰি উঠাত সহায় কৰিছে৷ লগতে হাত উজান দিছে উন্নত প্রযুক্তিবিদ্যাই৷ তথ্য মতে, আমেৰিকাৰ ১৯ বছৰৰ তলৰ প্রায় ৫–২৫ শতাংশ ল’ৰা–ছোৱালীয়েই মেদবহুল৷ ভাৰতত এই পৰিসংখ্যা ৭.৫ৰ পৰা ১০ শতাংশৰ ভিতৰত৷
মেদবহুলতা কি? বয়স অনুসৰি থাকিবলগীয়া ওজনতকৈ কিছু পৰিমাণে ওজন বঢ়াকে মেদবহুলতা বুলি কোৱা নহয়৷ ই কেৱল মেদবহুলতাৰ সংকেত অথবা সম্ভাৱনীয়তাৰ ইংগিতহে দিয়ে৷ সাধাৰণতে বয়স, উচ্চতা আৰু লিংগ অনুসৰি নির্ধাৰিত ওজনতকৈ দহ শতাংশ ওজন বেছি হ’লেহে মেদবহুলতা বুলি কোৱা হয়৷ অৱশ্যে আন ধৰণেও মেদবহুলতা নির্ণয় কৰা হয়৷ সাধাৰণতে ৫–৬ বছৰ বয়সত আৰু প্রাক–যৌৱনকালত মেদবহুলতাৰ সূচনা হয়৷ বিভিন্ন অধ্যয়নৰ পৰা দেখা গৈছে যে দহৰ পৰা তেৰ বছৰ বয়সৰ যিসকল ল’ৰা–ছোৱালী মেদবহুল, তেওঁলোকৰ আশী শতাংশৰে প্রাপ্তবয়স্ক কালত মেদবহুল হোৱা সম্ভাৱনা থাকে৷
মেদবহুলতাৰ কাৰণবোৰ জটিল৷ মূলতঃ খাদ্যৰ যোগেদি লাভ কৰা শক্তি আৰু ইয়াৰ ক্ষয়ৰ মাজত থকা অসামঞ্জস্যকে মেদবহুলতাৰ মূল কাৰণ বুলি ভবা হয় যদিও জিন, পাৰিপার্শ্বিক, সাংস্কৃতিক, ব্যৱহাৰিক আৰু সামাজিক আদি অনেক দিশেই ইয়াৰ লগত জড়িত৷ উল্লেখনীয় যে পিতৃ–মাতৃৰ কোনো এজন মেদবহুল হ’লে তেওঁলোকৰ সন্তান মেদবহুল হোৱাৰ পঞ্চাশ শতাংশ আশংকা থাকে৷ যদিহে দুয়োগৰাকী মেদবহুল হয়, তেন্তে তেওঁলোকৰ সন্তান মেদবহুল হোৱাৰ আশংকা আশী শতাংশলৈ বৃদ্ধি পায়৷
অধিক আহাৰ গ্রহণ, সহজে আৰু সোনকালে গ্রহণ কৰিব পৰা প্রচলিত উচ্চ শক্তিসম্পন্ন আহাৰ মেদবহুলতাৰ প্রধান কাৰণ৷ এইক্ষেত্রত শিশুৰ দৈনন্দিন কার্যকলাপেও বহুখিনি প্রভাৱ পেলাব৷ কোক’কোলা, পেপছি, বিভিন্ন পানীয়, চিপছ, নুডল, চকলেট আদিৰ প্রতি ল’ৰা–ছোৱালীৰ বৰ আকর্ষণ৷ পৰাপক্ষত এইবোৰৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব লাগে৷ অপকাৰী বুলি শিক্ষা দিব লাগে৷ ব্যায়ামৰ অভাৱ আৰু অবিশ্বাস্য যেন লাগিলেও দীর্ঘ সময়জুৰি দূৰদর্শন অথবা আন ইলেক্ট্রনিক মাধ্যমৰ কার্যসূচী উপভোগেও মেদবহুলতাৰ মাত্রা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে৷ গৱেষণাৰ পৰা দেখা গৈছে– এজন শিশুৱে গড়ে সপ্তাহত ২০ ঘণ্টাৰো অধিক সময় দূৰদর্শনৰ সন্মুখত পাৰ কৰে৷ তাৰ তুলনাত তেওঁলোকৰ শাৰীৰিক ব্যায়াম আৰু খেলা–ধূলাৰ সময় নিচেই কম৷
মানসিক ৰোগ বা হৰম’নৰ লগত জড়িত ৰোগৰ ঔষধৰ উপৰি আন ভালেমান ঔষধৰ ব্যৱহাৰেও মেদবহুলতা বৃদ্ধি কৰা দেখা যায়৷ অৱশ্যে তেনে উদাহৰণ খুবেই কম৷ নির্মেদ আৰু মেদবহুল দেহটোৰ লগত শিশুটিৰ বর্তমান আৰু ভৱিষ্যতৰ শাৰীৰিক অৱস্থা বহু পৰিমাণে নির্ভৰ কৰে৷ শৈশৱৰ মেদবহুলতা শিশুৰ উচ্চ ৰক্তচাপৰে মূল কাৰণ৷ তদুপৰি অধিক ওজনৰ বাবে বহুমূত্র আৰু হূদৰোগো হ’ব পাৰে৷ একেদৰে গাঁঠিৰ ৰোগ আদি হোৱাৰ সম্ভাৱনাও বহু পৰিমাণে বৃদ্ধি পায়৷ ইমানতেই শেষ নহয়, মেদবহুলতাৰ বাবে শ্বাস–প্রশ্বাস আৰু টোপনিৰ লগত সম্পর্ক থকা আন বহু ৰোগ হোৱাও দেখা যায়৷
মেদবহুল শিশুসকল মানসিক দ্বন্দ্বতো ভোগে৷ বন্ধু–বান্ধৱৰ লগত সহজে মিলামিচা কৰিবলৈ লাজ পায়৷ স্বাস্থ্যৰ অস্বাভাৱিক বাঢ়ন আৰু গঠনৰ কাৰণে নিজকে হেয়জ্ঞান কৰি নানাধৰণৰ মানসিক সমস্যাত ভোগে৷ উদাহৰণস্বৰূপে বহু লোদোৰ–পোদোৰ কিশোৰে হাফপেণ্ট–গেঞ্জি পিন্ধি খেলপথাৰত নামিব নোৱাৰে অথচ খেলাৰ প্রতি থাকে তেওঁলোকৰ দুৰন্ত হেঁপাহ৷ যিয়ে তেওঁলোকৰ ব্যক্তিত্ব গঠনৰ প্রক্রিয়াকো ভালেখিনি প্রভাৱিত কৰে৷ এনে শিশু মানসিকভাৱে দুর্বল অথবা পিছপৰা হয়৷
লাখটকীয়া প্রশ্ণটো হৈছে– মেদবহুলতাৰ প্রতিকাৰ নাই নেকি? এটা মাত্র শব্দত উত্তৰ দিবলৈ হ’লে ক’ব লাগিব আছে৷ প্রতিৰোধেই প্রতিকাৰৰ মূলনীতি৷ মনত ৰাখিব লাগিব, কেৱল বৃদ্ধি হ্রাস কৰাটোৱেই আমাৰ মূল উদ্দেশ্য নহয়৷ ওজন বৃদ্ধিৰ গতিৰোধ কৰি অথবা হ্রাস কৰি মাহ–বছৰেকৰ মূৰত এটা স্থিৰ বা সন্তুলিত অৱস্থা পোৱাটোহে আমাৰ প্রকৃত লক্ষ্য হোৱা উচিত৷ গৱেষণা মতে, নির্ধাৰিত ওজনতকৈ যিসকলৰ বিশ শতাংশ ওজন বাঢ়িছে, তেওঁলোকে এই অৱস্থা পাবলৈ প্রায় একৰ পৰা ডেৰ বছৰ সময়ৰ প্রয়োজন হয়৷ অর্থাৎ ই এটা পৰিকল্পিত প্রচেষ্টাৰ দ্বাৰাহে সম্ভৱ হৈ উঠে৷ এইখিনিতে দৰকাৰী বিষয়টো হ’ল ল’ৰালিত খাদ্যাভ্যাস আৰু শাৰীৰিক শ্রমৰ অভ্যাস গঢ়ি তোলাটো প্রাপ্তবয়স্ক কালতকৈ বহুগুণে সহজ৷ সোনকালে আৰু উপযুক্ত সময়ত ব্যৱস্থা ল’লে মেদবহুলতা তথা তৎজনিত সম্ভাব্য ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি৷প্রতিৰোধৰ ক্ষেত্রত আমাৰ প্রত্যেকেই এই বিষয়টোৰ প্রতি বিশেষভাৱে সজাগ হোৱা আৰু মেদবহুলতাবিহীন পৰিৱেশ সৃষ্টিৰ বাবে মনোভাব গঢ়ি তোলা উচিত৷
খোৱা–বোৱাৰ ক্ষেত্রত কম কেলৰী থকা খাদ্য গ্রহণ কৰিব লাগে৷ আহাৰৰ তালিকাত আঁহজাতীয় খাদ্য আৰু ফল–মূল অন্তর্ভুক্ত কৰা উচিত৷ সৰু ল’ৰা–ছোৱালীয়ে আবদাৰ কৰিলেই বা ভোক–পিয়াহতো সিহঁতক প্রয়োজনতকৈ অধিক আহাৰ খাবলৈ দিব নালাগে৷ উৎসাহ দিবৰ বাবে চকলেট বা তেনে কোনোধৰণৰ মুখৰোচক খাদ্য আগবঢ়োৱাটো অনুচিত৷ সৰুৰে পৰাই ভালদৰে চোবাই আহাৰ গ্রহণ কৰিবলৈ শিকাব লাগে৷ ভালকৈ চোবাই খোৱা আহাৰ সহজে হজম হয়৷
দূৰদর্শন উপভোগৰ সময় কমোৱাৰ ক্ষেত্রত পৰিয়ালৰ বয়সস্থসকলে লাগতিয়াল অনুষ্ঠানসমূহৰ ক্ষেত্রত আগ্রহ দেখুৱাই অলাগতিয়াল আৰু সস্তীয়া অনুষ্ঠানসমূহৰ ক্ষেত্রত নিৰুৎসাহ দেখুওৱা উচিত৷ পৰিয়ালত শাৰীৰিক ব্যায়াম আৰু আত্মনির্ভৰশীলতাৰ আদর্শ জগাই তোলা উচিত৷ শাৰীৰিক শ্রমেই সু–স্বাস্থ্যৰ মাপকাঠী৷ দৈনন্দিন জীৱনত স্কুলীয়া পাঠ্যক্রমৰ লগত জড়িত শাৰীৰিক ব্যায়ামৰ উপৰি ২০–৩০ মিনিটমানৰ নিয়মিত শৰীৰ চর্চা কেন্দ্র গঠন কৰি সৰু–ডাঙৰ সকলোৱে অংশগ্রহণ কৰিব লাগে৷ নির্মেদ, নিৰোগী এটা সবল দেহৰ প্রতিজন মানুহৰে দৈনন্দিন নিজে গ্রহণ কৰা খাদ্যৰ বিভিন্ন উপাদান সম্পর্কে সম্যক জ্ঞান থাকিব লাগে, যিয়ে স্বাস্থ্যকৰ খাদ্যাভ্যাস গঢ়ি তোলাত সহায় কৰে৷
মেদবহুলতা কমোৱাৰ উদ্দেশ্যে বহুকেইবিধ দৰবে আমাৰ বজাৰত স্থান পাইছে৷ এই দৰববোৰ ব্যাপক প্রচলিত নহয় আৰু এইবোৰৰ ব্যৱহাৰ একেবাৰে ফলপ্রসূ নহয়৷ এনে দৰব ব্যৱহাৰৰ ক্ষেত্রত আন কোনো ৰোগৰ লগত জড়িত মেদবহুলতাৰ বাবে শীঘ্রে ডাক্তৰৰ পৰামর্শ লোৱা উচিত৷ মেদবহুলতা আঢ়্যৱন্ত শ্রেণীৰ শিশুৰ মাজতেই বেছি৷ কিন্তু ই সু–স্বাস্থ্যৰ পৰিচায়ক নহয়৷ মেদবহুলতা আমাৰ মাজত নতুনকৈ জন্ম পোৱা এটা স্বাস্থ্য সংকট৷ ইয়াক নিয়ন্ত্রণত ৰখা আৰু প্রতিৰোধ কৰা উচিত৷ কাৰণ শিশুৰ স্বাস্থ্যই যে দেশৰ ভৱিষ্যৎ৷