নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুপৰীয়া ১.৩০ বজাতো বন্ধ ! চূড়ান্ত হেমাহি ধুবুৰী নগৰ স্বাস্থ্য-প্ৰসূতি কল্যাণ কেন্দ্ৰত

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ধুবুৰীৰ সদৰ খোদ ধুবুৰীৰ নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰৰ ভিতৰচৰাত কি চলি আছে? আজি ধুবুৰীৰ এগৰাকী সাংবাদিকে নিজৰ দুইমহীয়া কন্যা সন্তানক বেজী এটা দিবলৈ কেন্দ্ৰটোলৈ গৈ সন্মুখীন হোৱা পৰিস্থিতিয়ে জন্ম দিছে এই প্ৰশ্নৰ। সাংবাদিক দাসে সদৰি কৰা মতে, আজি দুপৰীয়া ১টা মান বজাত তেখেতৰ শিশুটিক ‘‘বিচিজি’ ইনজেকচন দিবলৈ দুপৰীয়া ডেৰ বজাৰ ভিতৰত আহিবলৈ মোবাইল যোগে কেন্দ্ৰটোৰ পৰা জনোৱা হৈছিল তেওঁক। সেই মৰ্মে সাংবাদিকগৰাকীয়ে দুপৰীয়া ১.২০ মান বজাত কেন্দ্ৰটোত উপস্থিত হয় যদিও কেন্দ্ৰটোৰ কোঠালীটো তলাবন্ধ থকা অৱস্থাত পায়। অভিযোগ অনুসৰি, কেন্দ্ৰটোৰ তলা মৰা কোঠালীৰ কাষতে দেখা পোৱা চিকিৎসা কৰ্মীক সমগ্ৰ বিষয়টো বিৱৰি তেওঁৰ শিশুটিক ইনজেকছন বিধ দিয়াৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনায় যদিও প্ৰত্যুত্বৰৰূপে কেন্দ্ৰটো আজি বন্ধ হোৱা বুলি ভেকাহি মৰাহে পায় সাংবাদিকগৰাকীয়ে। আনকি কেইবাবাৰ অনুৰোধ কৰা স্বত্বেও তালৈ সেই স্বাস্থ্যকৰ্মীগৰাকীয়ে কৰ্ণপাত নকৰা বুলিও জনাইছে সাংবাদিকগৰাকীয়ে। স্বাভাৱিক ভাৱেই আজিৰ এই ঘটনাই ধুবুৰীৰ নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যান কেন্দ্ৰটোত চৰম অৰাজকতা চলি থকা বুলি স্পষ্ট কৰা বুলিয়েই স্থানীয় সাংবাদিক মহলত চৰ্চিত হৈছে। তাংপৰ্যপুৰ্ণ ভাৱে, ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুঁটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদতে আছে এই কেন্দ্ৰটো। উল্লেখনীয় যে, চৰকাৰী নিয়মানুসৰি থাকিবলৈ ল’গা সময়তে কেন্দ্ৰটোত চিকিৎসক, নাৰ্ছ অথৱা কৰ্মচাৰী সময়মতে উপস্থিত নাথাকে বুলিও প্ৰায়শঃ অভিযোগ উত্থাপিত হৈ অহাও পোৱা যায় ধুবুৰীৰ নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰটোৰ বিৰূদ্ধে। এনে প্ৰেক্ষাপটত ধুবুৰীৰ নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যান কেন্দ্ৰৰ ভিতৰচৰাত কি চলি আছে তাৰ সত্যতা নিৰূপণ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ বৰমূৰীয়া সকলৰ তদন্তৰ প্ৰয়োজন থকা বুলিও উচ্চাৰিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like