নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শিক্ষা নীতিৰে ২০২৩ৰ মেট্ৰিক পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: আগন্তুক ২০২৩ বর্ষৰ মেট্ৰিক পৰীক্ষাক লৈ সাজু হৈছে অসম মাধ্যমিক পৰিষদ, চমুকৈ ছেবা৷ ইতিমধ্যে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ছেবা কর্তৃপক্ষই কৰিছে ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে৷ এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ এই নতুন শিক্ষা নীতি অনুসৰি মেট্ৰিক পৰীক্ষার্থীসকলে ৪টাকৈ বিষয়ত ৫০ শতাংশকৈ ‘অবজেকটিভ’ প্রশ্ণৰ উত্তৰ কৰিবলৈ সুবিধা পাব৷ গণিত, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ত পৰীক্ষার্থীসকলে এইবাৰ ৫০ শতাংশকৈ ১ নম্বৰৰ প্রশ্ণৰ উত্তৰ দিব লাগিব৷ অর্থাৎ ১০০ নম্বৰৰ এটা বিষয়ত ৪৫ শতাংশ থিয়ৰী, ৪৫ শতাংশ অবজেকটিভ আৰু ইণ্টাৰনেল এছেছমেণ্টত থাকিব ১০ নম্বৰ৷ তদুপৰি গণিত বিষয়ৰ উত্তৰবহীতো থাকিব বিশেষ ব্যৱস্থা৷ প্রথমবাৰৰ বাবে গণিত বিষয়ত পৰীক্ষার্থীসকলৰ সুবিধার্থে ছেবাই উত্তৰবহীৰ সোঁফালে আছুতীয়াকৈ ৰাখিব উত্তৰ কৰিব পৰা ঠাই৷ অর্থাৎ একোটা অবজেকটিভ প্রশ্ণৰ বিপৰীতে শিক্ষার্থীসকলে উত্তৰবহীৰ সোঁকাষত একাদিক্রমে কৰিব পাৰিব প্রশ্ণৰ সমাধান৷

উল্লেখ্য যে নতুন শিক্ষা নীতিৰ মূল উদ্দেশ্য হৈছে পাঠ এটা পঢ়িলেই নহ’ব, সেই পাঠটোৰ বিষয়ে শিক্ষার্থীসকলে হূদয়াংগম কৰিব লাগিব৷ এই নীতিৰ আধাৰতেই ৪টাকৈ বিষয়ত শিক্ষার্থীসকলে কৰিব লাগিব অবজেকটিভ প্রশ্ণৰ উত্তৰ৷ আনহাতে, অসমীয়া আৰু ঐচ্ছিক বিষয়ত একেই থাকিব পূর্বৰ নিয়ম৷ ইফালে, ‘নিয়মীয়া বার্তা’ৰ হাতত পৰা তথ্য অনুসৰি মার্চৰ প্রথম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব ২০২৩ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ একেদৰে ফেব্রুৱাৰী মাহত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষাসমূহ৷

You might also like