ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষা
- ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক নিদিয়ে পৰীক্ষা কেন্দ্র
নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: ২০২৩ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ৷ ইতিমধ্যে শিক্ষা সংসদে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ গঠন কৰিছে এখন উচ্চ পর্যায়ৰ কমিটী৷ এইবাৰ পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ শিক্ষা সংসদে হাতত লৈছে কেইবাটাও নতুন পদক্ষেপ৷ এইবাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে নিজাববীয়াকৈ নাপাব কোনোধৰণৰ পৰীক্ষা কেন্দ্র৷ ইতিমধ্যে পৰীক্ষা কেন্দ্র চিনাক্ত কৰিবলৈ প্রতিখন জিলাত শিক্ষা সংসদে আৰম্ভ কৰিছে চৰজমিন তদন্ত৷ এজনকৈ অৱসৰপ্রাপ্ত অধ্যক্ষৰ লগতে এটা পৰিদর্শনকাৰী দলক দায়িত্ব অর্পণ কৰিছে শিক্ষা সংসদে৷ অৱসৰপ্রাপ্ত অধ্যক্ষৰ চৰজমিন তদন্ত আৰু পৰিদর্শনকাৰী দলৰ প্রতিবেদনৰ ভিত্তিতে শিক্ষা সংসদে গ্রহণ কৰিব পৰীক্ষা কেন্দ্র দিয়াৰ সিদ্ধান্ত৷
উল্লেখ্য যে ২০১৯ চনৰ পূর্বে শিক্ষা সংসদৰ একাংশ বিষয়া–কর্মচাৰীৰ লগত গোপন বুজাবুজি কৰি একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠানে নিজাববীয়াকৈ লৈছিল পৰীক্ষা কেন্দ্র৷ কিন্তু সেই সময়ৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ ভিত্তিতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা পৰীক্ষা কেন্দ্র বাতিল কৰিছিল শিক্ষা সংসদে৷ শিক্ষা সংসদৰ চৰজমিন তদন্তত পোহৰলৈ অহা ৬৪টাকৈ পৰীক্ষা কেন্দ্র বাতিল কৰিছিল পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে৷ পৰৱর্তী সময়ত পৰীক্ষা কেন্দ্রক লৈ গঢ়ি উঠা এখন ক’লা বজাৰ শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰৰ নেতৃত্বত সলনি হৈছিল৷ বান্ধি দিয়া হৈছিল পৰীক্ষা কেন্দ্র দিয়াৰ কেইবাটাও চর্ত৷
ইফালে, বিগত তিনি বছৰ ধৰি বহু বিসংগতি থকা পৰীক্ষা কেন্দ্র ইতিমধ্যে চিহ্ণিত কৰি বাতিল কৰিছে শিক্ষা সংসদে৷ অনুৰূপ ধৰণে এইবাৰো পৰিদর্শনকাৰী দলৰ প্রতিবেদনৰ ভিত্তিতে শিক্ষা সংসদে গ্রহণ কৰিব কঠোৰ সিদ্ধান্ত৷ ইফালে, ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতত শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে ফেব্রুৱাৰী মাহৰ পৰা কলা–বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সদৰী কৰে৷ সর্বভাৰতীয় স্তৰত অসমৰ মেধাৱী শিক্ষার্থীসকলে নামভর্তি কৰাৰ সুযোগ লাভ কৰাৰ স্বার্থতে এইবাৰ কিছু আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ফলাফলো প্রকাশ পাব বুলি মন্তব্য কৰে শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রকগৰাকীয়ে৷
ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ কলা–বিজ্ঞান–বাণিজ্য শাখাৰ প্র–পত্র পূৰণৰ কাম অনলাইনৰ জৰিয়তে যুদ্ধকালীন গতিত চলি আছে৷ অহা ১৫ ডিচেম্বৰৰ ভিতৰত সকলো শিক্ষার্থীয়ে প্র–পত্র পূৰণ কৰিব লাগিব৷ উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাত অৱতীর্ণ হ’ব মুঠ তিনি লাখ ৭১ হাজাৰ পৰীক্ষার্থী৷