আটাইতকৈ শক্তিশালী ভাষা নীৰৱতা
জীৱনৰ কোনো কোনো বিশেষ মুহূর্তত ঘটা একোটা ঘটনা বা অভিজ্ঞতাই মানুহজনৰ মনলৈ এনে প্রবল আৱেগ সঞ্চাৰিত কৰে যে তাক প্রকাশ কৰিবলৈ তেওঁ শব্দ বিচাৰি নোপোৱা হয়৷ শব্দৰ পৰিৱর্তে গভীৰ নীৰৱতাই তেওঁক গ্রাস কৰি ধৰে৷ এনেকুৱা অভিজ্ঞতাৰ লগত প্রায় প্রতিজন মানুহেই কম–বেছি পৰিমাণে পৰিচিত৷ এনেবোৰ মুহূর্তত মানুহজনে অনুভৱ কৰে যে নীৰৱতাৰ সমান শক্তিশালী দ্বিতীয় এটা ভাষা নাই৷
মই আজি মোৰ তেনেকুৱা এটা অভিজ্ঞতাৰ কথা ক’ব খুজিছোঁ৷
কটন কলেজত পঢ়ঁোতে মই আছিলোঁ ছেকেণ্ড মেছৰ বাসিন্দা৷ আমাৰ দিনত ছেকেণ্ড মেছ এটা অতি বিখ্যাত হোষ্টেল আছিল, কাৰণ অসমৰ বিভিন্ন ঠাইৰ পৰা কটন কলেজত পঢ়িবলৈ অহা আটাইতকৈ প্রতিভাৱান ছাত্রসকলেহে ছেকেণ্ড মেছত থাকিবলৈ পোৱাৰ যোগ্য বুলি বিবেচিত হৈছিল৷ স্বাভাৱিকতেই তেওঁলোকৰ ভিতৰত আছিল প্রৱেশিকা পৰীক্ষাত প্রথম দহটা স্থান অধিকাৰ কৰা একাধিক ছাত্র৷ ছেকেণ্ড মেছত থাকি কটন কলেজত উচ্চ শিক্ষা লাভ কৰা বহুতো ছাত্রই কর্মজীৱনত বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু ৰাজ্যৰ মুখ্য সচিবকে ধৰি নানা উচ্চ পদ অলংকৃত কৰিছিল৷ ছেকেণ্ড মেছৰ পুৰণি আৱাসীসকলৰ ভিতৰত যিসকলে সাহিত্য অকাডেমি পুৰস্কাৰ পাইছিল তেওঁলোক হ’ল– ভবেন্দ্র নাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঞি, হৰেকৃষ্ণ ডেকা আৰু হীৰেন্দ্র নাথ দত্ত৷ লোকসংস্কৃতিৰ বিখ্যাত পণ্ডিত আৰু অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি বীৰেন্দ্র নাথ দত্ত আছিল মোৰ সহপাঠী৷ তেৱোঁ আছিল ছেকেণ্ড মেছৰ আৱাসী৷ এনেকৈ বিক্ষিপ্তভাৱে নাম উল্লেখ নকৰি একে আষাৰে এইবুলি ক’লেই যথেষ্ট হ’ব যে যোৱা প্রায় এটা শতিকাত বিভিন্ন কর্মক্ষেত্রত অসাধাৰণ প্রতিভাৰ পৰিচয় দিয়া বহুতো মানুহেই আছিল কটন কলেজৰ ছেকেণ্ড মেছৰ বাসিন্দা৷
আৰম্ভণিতে এইকেইটা কথা কৈ ল’লোঁ যদিও মোৰ আজিৰ টোকাটোৰ উদ্দেশ্য সম্পূর্ণ বেলেগ৷ কটন কলেজৰ পৰা আৰু ছেকেণ্ড মেছৰ পৰা চিৰবিদায় ল’বৰ সময়ত আমাৰ কিছুমান ছাত্রৰ মনৰ অৱস্থা কি হৈছিল সেই কথা কোৱাটোহে আজিৰ এই টোকাটোৰ প্রধান উদ্দেশ্য৷
স্নাতক শ্রেণীৰ ফাইনেল পৰীক্ষা আৰম্ভ হোৱাৰ প্রায় এমাহমানৰ আগতেই হোষ্টেলটো খালী হৈ যায়, কাৰণ ফাইনেল পৰীক্ষার্থীকেইজনৰ বাহিৰে বাকী আটাইবোৰ ছাত্র দীঘলীয়া ছুটী উপভোগ কৰিবলৈ ঘৰাঘৰি যায়৷ হোষ্টেলৰ মেছটোও বন্ধ হৈ যায়, কাৰণ বিহাৰী ৰান্ধনী আৰু লগুৱাকেইজনো দীঘলীয়া ছুটী উপভোগ কৰিবলৈ নিজৰ ‘দেশ’লৈ যায়৷ হোষ্টেলত থাকে মাত্র দহ–বাৰজনমান ফাইনেল পৰীক্ষার্থী৷ ৯৬জন ছাত্রৰে গমগমাই থকা হোষ্টেলটোত মাত্র দহ–বাৰজন ছাত্র থকাৰ কাৰণে গোটেই হোষ্টেলটো ৰিঙা ৰিঙা যেন লাগে৷ পৰীক্ষার্থী ছাত্রকেইজন পৰীক্ষাৰ প্রস্তুতিৰ কাৰণে ভীষণ ব্যস্ত হৈ পৰে যদিও কোনো কোনো অলস মুহূর্তত এক ব্যাখ্যাহীন বিষাদে তেওঁলোকৰ মনটো আচ্ছন্ন কৰি ৰাখে৷ অৱচেতন মনত তেওঁলোকে হয়তো এই কথাও গোপনে অনুভৱ কৰি থাকে যে আৰু মাত্র কেইদিনমানৰ পিছতে তেওঁলোকৰ চাৰিবছৰীয়া কলেজীয়া জীৱনৰ সমাপ্তি ঘটিব, লগতে তেওঁলোকে চিৰবিদায় ল’ব লাগিব যৌৱনৰ মদমত্ত উৎসৱস্থলীত পৰিণত হোৱা হোষ্টেলটোৰ পৰাও৷ সেই বিষাদৰ অনুভূতি ইমান তীব্র আছিল যে তিনিকুৰিতকৈ বেছি বছৰৰ পিছত এই কথাখিনি লিখি থাকোঁতেও মই সেই বিষাদৰ শিহৰণ নতুনকৈ অনুভৱ কৰিছোঁ৷
এসময়ত আমাৰ ফাইনেল পৰীক্ষা শেষ হ’ল৷ পিছদিনা আমি সকলোৱেই ঘৰাঘৰি যাম৷ কোনোবা যাব ট্রেইনত, কোনোবা যাব বাছত, সকলোৰে যোৱাৰ সময়ো বেলেগ বেলেগ৷ কিন্তু প্রত্যেকৰে যোৱাৰ সময় আবেলিৰ পৰা ৰাতিৰ ভিতৰত৷ ছেকেণ্ড মেছৰ দুই নম্বৰ ব্লকৰ আহল–বহল কৰিড’ৰটোত টেবুল টেনিচৰ এখন ডাঙৰ টেবুল আছিল৷ ছাত্রসকলে মাজে সময়ে টেবুলখন ব্যৱহাৰ কৰিছিল আড্ডা দিবৰ কাৰণে৷ কিন্তু সেইদিনা আমাৰ কাৰো আড্ডা দিব পৰাৰ জোখাৰে মানসিক অৱস্থা নাছিল৷ এসময়ত দেখা গ’ল যে এজন ছাত্র সেই টেবুলখনত অকলে বহি আছে৷ তেওঁক তেনেকৈ বহি থকা দেখি এজন এজনকৈ বাকীকেইজন ছাত্রও নিজৰ নিজৰ কোঠাৰ পৰা ওলাই আহি টেবুলখনত বহিল৷ কোৱাবাহুল্য মাথোঁ যে সেইকেইজনৰ ভিতৰত ময়ো আছিলোঁ এজন৷ আমি কিমান সময় তেনেকৈ বহি আছিলোঁ সেই কথা নাজানো, কাৰণ সময় আমাৰ কাৰণে স্তব্ধ হৈ গৈছিল৷ আমাৰ কোনো এজনৰ মুখৰ পৰা এটা শব্দও বাহিৰ হোৱা নাছিল, কিন্তু প্রতিজন ছাত্রই মনে মনে কি ভাবি আছিল সেই কথা আমি প্রত্যেকেই জানিছিলোঁ৷ সুদীর্ঘ চাৰি বছৰ আমি পৰস্পৰৰ লগত এনে এক গভীৰ আত্মীয়তাৰ বন্ধনেৰে বান্ধ খাই আছিলোঁ যে নিজৰ এনে অভিজ্ঞতা নোহোৱা আন কোনো মানুহেই সেই আত্মীয়তা বা বন্ধুত্বৰ গভীৰতা আৰু মাদকতা অনুভৱ কৰিব নোৱাৰিব৷ আমি নীৰৱে বহি থাকি মনে মনে প্রত্যেকেই নিশ্চয় সেই কথাই ভাবি আছিলোঁ যে জীৱনত আৰু কোনোদিন বোধহয় আমাৰ দেখাদেখি নহ’ব৷ আমি কোনেও কাৰো মুখলৈ চাব পৰা নাছিলোঁ আমাৰ হূদয় কথাৰে ভৰি আছিল যদিও কথা ক’বলৈকো আমি চেষ্টা কৰা নাছিলোঁ৷ মই অনুভৱ কৰিছিলোঁ, আৰু মোৰ মনত বিন্দুমাত্র সন্দেহ নাছিল যে মোৰ বন্ধুকেইজনেও ঠিক সেই মুহূর্তত মোৰ নিচিনাকৈয়ে অনুভৱ কৰিছিল যে জীৱনৰ কোনো কোনো আৱেগপ্লাৱিত মুহূর্তত হূদয়ৰ পাৰ উপচি পৰা আৱেগ প্রকাশ কৰিবলৈ নীৰৱতাতকৈ অধিক শক্তিশালী ভাষা আন একো নাই৷