নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ যৌন নির্যাতন দেশৰ গুৰুতৰ গোপন সমস্যা

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: শিশুৰ ওপৰত যৌন নির্যাতনক লৈ উদ্বিগ্ণ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়৷ পকছো আইনক লৈ দুদিনীয়া কার্যসূচীত ভাগ লৈ চিজেআই ডি ৱাই চন্দ্রচূড়ে শিশুৰ ওপৰত যৌন নির্যাতন দেশৰ গুৰুতৰ গোপন সমস্যা বুলি উদ্বিগ্ণতা প্রকাশ কৰে৷ চিজেআই চন্দ্রচূড়ে শিশুৰ যৌন নির্যাতনৰ বিষয়টো পিতৃ–মাতৃ তথা অভিভাৱেক গোপনে নাৰাখি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ আহ্বান জনায়৷ শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ সৈতে মোকাবিলা কৰাৰ বিপৰীতে দেশত ইয়াক লৈ মৌন সংস্কৃতি গঢ়ি উঠা বুলি উল্লেখ কৰি চিজেআই চন্দ্রচূড়ে কয় যে পিতৃ–মাতৃ তথা অভিভাৱকসকলে নিজৰ সন্তানক নিৰাপদ স্পর্শ আৰু অসুৰক্ষিত স্পর্শ তথা ভাল আৰু বেয়া স্পর্শৰ মাজত থকা বিভেদতা শিকাব লাগে৷ শিশুৰ বিৰুদ্ধে যৌন নির্যাতনৰ বিষয়টোক লৈ নিজৰ মর্যাদাতকৈ সন্তানৰ স্বার্থক প্রাধান্য দিয়া উচিত বুলিও কয় চিজেআই চন্দ্রচূড়ে৷

You might also like