নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ২৫৩ গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক চান বাৰ্ডৰ শীতকালীন সাহাৰ্য বিতৰণ

আৱাসীক ছাত্ৰছাত্ৰীক  ঠাণ্ডাত ব্যৱহাৰ কৰা কাপোৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : মাজুলীৰ অতি ভিতৰুৱা গাঁও সমুহৰ ছাত্ৰছাত্ৰী সকলৰ শিক্ষাৰ সহায় হোৱাকৈ প্ৰতিষ্ঠা হোৱা ইংৰাজী মাধ্যমৰ বিদ্যালয় সমুহক দীৰ্ঘদিনৰ পৰা  ‘চান বাৰ্ড’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আৰ্থিক ভাৱে সহায় কৰি ছাত্ৰছাত্ৰী সকলক শিক্ষা গ্ৰহণত সহায় কৰি আহিছে ৷ মাজুলীত স্থাপন হোৱা এই ইংৰাজী মাধ্যমৰ বিদ্যালয় সমুহত ছাত্ৰবাসত থাকি অধ্যয়ন কৰা দৰিদ্ৰ ছাত্ৰছাত্ৰী সকলে যাতে এই ঠাণ্ডাৰ দিন কেইটাত কষ্ট পাব লগা নহয় তাৰ উদ্যেশ্য আগত ৰাখিয়ে আজি প্ৰথম পৰ্যায়ত নামনি মাজুলীৰ চেলেক চেচাচুকস্থিত আৰ্ডা পাব্লিক স্কুলৰ ৪৭ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰদান কৰে শীতকালত শোঁওতে ব্যৱসাৰ কৰা  সামগ্ৰী ।  ইফালে ‘চান বাৰ্ড’ৰ অন্তৰ্গত মাজুলীৰ ৭ খন  বিদ্যালয়ৰ ছাত্ৰ বাসত থকা ২৫৩ গৰাকী ছাত্ৰ -ছাত্ৰীক  তুলি ,বিচনাচাদৰ ,কম্বল আৰু গাৰু প্ৰদান কৰাৰ কথা অৱগত কৰিছে । চান বাৰ্ড নামৰ ব্যক্তিগ’ত সংস্থাৰ এই কাৰ্যসূচীৰ শলাগ লৈছে সচেতন মহলে ৷ উল্লেখ যে  চান বাৰ্ডক এই সামগ্ৰী সমুহ দি  সহায় কৰিছে কাৰ্লঅন নামৰ এটা ব্যক্তিগত কোম্পানীয়ে। আৰ্ডা পাব্লিক স্কুলৰ অধ্যক্ষ কিশোৰ দলেই আমাক কিশোৰ দলে আৰু চান বাৰ্ডৰ কৰ্মকত্তাই আমাক জানিবলৈ দিয়া মতে মাজুলীৰ ৭ খন কৈ বিদ্যালয় ক্ৰমে কুলামুৱা ইংলিছ ফেণ্ডচিপ স্কুল, কাৰ্চং পাব্লিক স্কুল, বেৰভঙা ফেণ্ডচিপ স্কুল, নাহৰবাৰী ফেণ্ডচিপ স্কুল, বিবেকানন্দ্ৰ বিদ্যালয়, মাজুলী গুৰুকুল একাডেমীৰ পাঁচশৰো অধিক ছাত্ৰবাসত থকা ছাত্ৰছাত্ৰীক এনেধৰনৰ শীতকালীন সামগ্ৰী বিতৰন কৰা হব বুলি আমাক জানিবলৈ দিয়ে ৷
প্ৰাঞ্জল খাউণ্ড
You might also like