নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া সাংবাদিক চ’ৰাৰ উদ্যোগত ড্ৰাগছ সম্বন্ধীয় কৰ্মশালা

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : – তিনিচুকীয়া সাংবাদিক চ’ৰাৰ উদ্যোগত আৰু জিলা শিক্ষা বিভাগৰ সহযোগত ইয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘যুৱ সমাজৰ ড্ৰাগছৰ প্ৰতি বৰ্দ্ধিত আসক্তি আৰু ইয়াৰ প্ৰতিকাৰ’ শীৰ্ষক বিষয়ৰ ওপৰত আজি এক সজাগতামূলক কৰ্মশালা অনুষ্ঠিত হৈ যায় । জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিদ্যা বিভাগৰ প্ৰফেচাৰ ড° বিভূতি ভূষণ কাকতিয়ে বিভিন্ন শ্রেণীৰ ড্ৰাগছ, ইবিলাকৰ ব্যৱহাৰ আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । তেওঁ লগতে প্ৰজেক্টৰৰ সহায়ত ড্ৰাগছৰ অত্যাধিক ব্যৱহাৰে কিদৰে আমাক পংগু কৰে তথা তিল তিলকৈ ধ্বংসৰ মুখলৈ লৈ যায় তাৰ ওপৰতো বহল বিশ্লেষণ আগবঢ়ায় । তিনিচুকীয়াৰ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, আদৰ্শ বালিকা বিদ্যালয়, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়া বেংগলী গাৰ্লচ হাইস্কুল, হিন্দী ইংলিচ হাইস্কুল, বংগীয় বিদ্যালয় আদি কেইবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ জিলা সমন্বয়ক আবুল আলিয়ে ড্ৰাগছৰ ব্যৱহাৰ আৰু ইয়াৰে এইডছৰ সম্পৰ্ক আৰু অপকাৰিতাৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ প্ৰয়াস কৰে । তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সম্পাদক প্ৰণৱ ফুকনে আঁত ধৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰে জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই । কৰ্মশালাত সাংবাদিক চ’ৰাৰ সভাপতি কমল তালুকদাৰ, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নেওগ, জ্যেষ্ঠ সাংবাদিক ড° ঋষি দাস আদি উপস্থিত থাকে ।

প্ৰেৰক:-বিবেক বড়া

You might also like