নামৰূপৰ শিলৰ ক্ৰাছাৰৰ অঘটন! জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ নাহৰকটীয়া আটছাৰ
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : নামৰূপৰ এক শিল ভঙা ক্ৰাছাৰত সোমবাৰে পুৱাই সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। ঘটনাত আহত আটাইকেইগৰাকী মহিলাৰ উন্নত চিকিৎসা তথা পৰিয়ালটোৱে উচিত ক্ষতিপূৰণ পোৱাৰ, প্ৰতি গৰাকী আঘাতপ্ৰাপ্ত শ্ৰমিক সকলক এককালীন সাহায্য হিচাপে ১০ লাখ টকা দিয়াৰ ব্যৱস্থা কৰা, ক্ৰেচাৰ মেচিনত কাম কৰা শ্ৰমিক সকলক সুৰক্ষাৰ সামগ্ৰী প্ৰদান, ফেক্টৰী আৰু শ্ৰমিক আইন অমান্য কৰা অভিযোগত পিংকু সিঙক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ত কৰাৰ দাবী জনায় নাহৰকটীয়া আট্ ছাই আজি মংগলবাৰে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ডিব্ৰুগড় জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ঘটনাৰ বিৱৰণী মতে নামৰূপৰ ৪ নং দিল্লীঘাটৰ পিংকু সিং নামৰ ব্যক্তি গৰাকীৰ শিলৰ কুৱেৰীত কৰ্মৰত অৱস্থাত তিনি গৰাকী মহিলাক শিল ভঙা মেচিনৰ যন্ত্ৰাংশ খুলি অহাত মহটিয়াই নিয়ে। ঘুৰণীয়া চকা সদৃশ গধুৰ যন্ত্ৰাংশৰ আঘাতত মূৰ, হাত আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সুনীতা হৰিজন ( ২৩), অনিতা তাঁতী (২৫) আৰু ৰশ্মিতা তাঁতী(২৪)। আঘাতপ্ৰাপ্ত আটাইকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি বৰ্তমান চিকিৎসাধীন হৈ আছে। ঘটনাস্থলিত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নামৰূপ আৰক্ষীয়ে।আনহাতে শিলৰ ক্ৰাছাৰত কৰ্মৰত শ্রমিকৰ বাবে প্ৰয়োজনীয় হেলমেট, হাত মোজা, জোতা ইত্যাদিৰ যোগান মালিকপক্ষই কোনো দিনেই কৰা নাই বুলি কুৱেৰীটোত কৰ্মৰত শ্রমিক লগতে সচেতন লোক সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। উল্লেখ্য যে নামৰূপ এলেকাত কেইবাটাও শিল ভঙা কুৱেৰী আছে। এই কুৱেৰী সমূহত শ্রমিকৰ নিৰাপত্তাজনিত বিষয়সমূহ ৰহস্যজনক ভাৱে সংশ্লিষ্ট শ্রম বিভাগে এৰাই চলা পৰিলক্ষিত হয়। সংশ্লিষ্ট বিভাগসমূহৰ চৰম দূৰ্বলতাৰ বাবেই এনেধৰণৰ ঘটনা বিলাক সংঘটিত হৈছে বুলি স্থানীয় সচেতন মহলে ব্যক্ত কৰিছে।