ঢকুৱাখনা ঘাঁহিগাঁও ভাস্কৰ কৃষ্টিভৱনত সদৌ অসম ভিত্তিত প্ৰাইজমানি দিহানাম প্ৰতিযোগিতা
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : ৰাজ্যৰ অন্যতম লোক ক্ষ্টি পৰম্পৰাগত লোক নাম দিহানামক সাৰ্বজনীন কৰাৰ লক্ষ্যৰে ঢকুৱাখনাৰ অন্যতম দিহানামৰ দল লখিমী দিহা নামৰ দলে এজিএনএল ডিজিটেলৰ সহযোগত আয়োজন কৰিছে সদৌ অসম ভিত্তিত দিহা নামৰ প্ৰতিযোগিতা ৷ ঢকুৱাখনা ঘাঁহিগাঁও ভাস্কৰ কৃষ্টিভৱনত অহা ১৭ ডিচেম্বৰত আয়োজন কৰা দিহানাম প্ৰতিযোগিতাত শেষ্ঠ দলটোৱে ১৫ হাজাৰ, দ্বিতীয় শেষ্ঠ দলে ১০ হাজাৰ, ত্তীয় শেষ্ঠ দলে ৭ হাজাৰ, চতুৰ্থ শেষ্ঠ দলে ৫ হাজাৰ, আৰু পঞ্চম শেষ্ঠ দলে ৩ হাজাৰকৈ টকাৰ পুৰস্কাৰ লাভ কৰাৰ লগতে শ্ৰেষ্ঠ নামাচাৰ্যই এহেজাৰ টকা, শ্ৰেষ্ঠ নেগাৰা বাদকে এহেজাৰ আৰু শ্ৰেষ্ঠ খোলবাদকে এহেজাৰকৈ টকা পুৰস্কাৰ লাভ কৰিব বুলিও জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷
প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি