নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওৰাং আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপঃ হেলমেট পৰিধান নকৰা লোকক হেলমেট উপহাৰ

নিয়মীয়া বাৰ্তা,১৩ ডিচেম্বৰঃ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ । মটৰ চাইকেলত  হেলমেট পৰিধান  নকৰা  সকলক আৰোহীসকলৰ টকাৰে হেলমেট ক্ৰয় কৰাই আনি  লগে লগে আৰক্ষীয়ে হেলমেট পৰিধান  কৰাই দিয়ে । আন একাংশ হেলমেট পৰিধান নকৰা  সকলক জৰিমনা বিহিছে ৷ জানিব পৰা মতে,  ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক আজি ১৩ ডিচেম্বৰত ওৰাং আৰক্ষী থানাৰ কাষত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যতিক্ৰমী দেখা যায় । কাৰণ ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই  মটৰ চাইকেল দুৰ্ঘটনাত বহু লোক মৃত্যু মুখত পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথত ঘটি থকা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবৰ বাবে হেলমেট নিপিন্ধা  মটৰচাইকেল আৰহী সকলক   জৰিমনা বিহিছে ৷ আন একাংশক হেলমেট নিপিন্ধা সকলৰ টকাৰে আৰক্ষীয়ে  এটা কৈ হেলমেট  ক্ৰয় কৰাই  আনি আৰক্ষীয়ে পিন্ধাই দিছে হেলমেট ৷ যাৰ কাৰণে আজি  ১৩ ডিচেম্বৰত  ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক ৰাষ্ট্ৰীয় ঘাইপথত এক ব্যতিক্ৰমী ৰূপত দেখা  যায় ।
You might also like