নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰিয়হৰ হালধীয়াত মনোমোহা ঘিলামৰা : যুৱ কৃষকৰ কৃষি বিপ্লৱ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ চৌদিশে কেৱল হালধীয়াৰ আচ্ছাদন ৷ সেউজীয়া পাতৰ ওপৰত যেন এখন হালধীয়া চাদৰ। নৈৰ পাৰৰ হালধীয়া দলিচাৰ আচ্ছাদনে নিমজ্জিত কৰি তুলিছে কৃষকৰ সপোন পথাৰ। চকুৱে নমনালৈকে নৈৰ পাৰৰ মুকলি পথাৰত কেৱল হালধীয়া আৱৰণ। নয়নাভিৰাম দৃশ্যই হাতবাউল দি মাতিছে সকলোকে। হালধীয়াত বিলীন হৈছে ভোমোৰা, মৌমাখিও৷ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত কঁপালৰ ঘাম মাটিত পেলাই কৃষকসকলে বহু কষ্টৰে কৰা সৰিয়হ খেতিয়ে এতিয়া হালধীয়া বৰণ লৈছে। ৰাজ্যৰ প্ৰতিখন পথাৰেই আচলতে সৰিয়হৰ হালধীয়া ফুলেৰে এতিয়া একোখন হালধীয়া সাগৰত পৰিণত হৈছে। এই হালধীয়া খিনিয়েই এতিয়া কষ্ট সহিষ্ণু বহু কৃষকৰ চকু-মুখলৈ আনন্দ কঢ়িয়াই আনিছে। প্ৰাপ্তিৰ আনন্দই যেন কৃষকসকলৰ দুখৰ বোজাক বহু দূৰলৈ আঁতৰাই নিছে। যিটো সময়ত যুৱচামৰ মাজত কৰ্মবিমুখতাই সমাজৰ উত্তৰণত অন্তৰায় হৈ থিয় দিছে তেনে সময়তে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা কৃষি চক্ৰৰ একাংশ যুৱ কৃষকে হালধীয়া বিল্পৱৰ সূচনাৰে এতিয়া ৰচিছে ন ন সপোন৷ বিশেষকৈ ঘিলামৰা কৃষি চক্ৰৰ অধীনস্থ মেলেকী,চিনাই দীঘলীৰ কৃষক ৰাইজে চৰকাৰ তথা কৃষি বিভাগক প্ৰত্যাহ্বান জনাই নিজা প্ৰচেষ্টাৰে প্ৰায় ২০০বিঘা ভূমিত কৰিছে সৰিয়হৰ খেতি ৷বাৰিষাৰ সময়ত অঞ্চলটোৰ কৃষকসকলৰ বাবে অভিশাপস্বৰূপ হৈ পৰা কুমতীয়া নদীয়ে খৰালি সময়ত আৰ্শীবাদ হৈ থিয় দিছে। বাৰিষাৰ সময়ত নদীখনে পথাৰত এৰি থৈ যোৱা পলসুৱা মাটিত কৃষকসকলে কৰা সৰিয়হ খেতি এতিয়া তেওঁলোকৰ বাবে সোণ হৈ জিলিকি উঠিছে।নদীখনৰ সংহাৰী বানে প্ৰতিবছৰে নিঃশেষ কৰি অহা অঞ্চলটোৰ কৃষকসকলে বাৰিষাৰ সময়ত শালি খেতি কৰিব নোৱাৰি বিকল্প খেতি হিচাপে প্ৰতিবছৰে সৰিয়হ খেতি কৰি আহি আহিছে। আৰু একমাত্ৰ সৰিয়হ খেতিয়েই এইহকল কৃষকৰ জীৱন -জীৱিকাৰ উৎস হৈ পৰিছে।কৃষকসকলে কোনোবা বছৰ লাভবান হোৱাৰ বিপৰীতে কোনোবা বছৰ লোকচানৰ সন্মুখীন হৈ আহিছে । তথাপিও প্ৰতিবছৰে বহু আশা বুকুত বান্ধি নিৰলসভাৱে কৰি গৈছে কৃষিকাৰ্য। প্ৰতিবছৰৰ দৰে এইবাৰো মেলেকী,দীঘলী আদি পথাৰত শ শ বিঘা মাটিত সম্প্ৰতি আকাশ ৰঙীন কৰি ফুলিছে সৰিয়হ৷এই হালধীয়া বৰণ লোৱা সৰিয়হৰ নান্দনিক দৃশ্যই বাটৰুৱাৰ লগতে কৃষক সকলক আনন্দিত কৰি তুলিছে।কোনোধৰণৰ চৰকাৰী সাহাৰ্য্য অবিহনেই গাঁঠিৰ ধন ভাঙি কৃষি কৰ্মত আত্মনিয়োগ কৰিছে বুলি সদৰি কৰা কৃষক সকলে প্ৰতি বিঘা সৰিয়হৰ বাবে ৩ হাজাৰ টকাকৈ খৰচ কৰি অহাৰ কথা জানিবলৈ দিছে কৃষক ৰাইজে।কৃষকসকলে জানিবলৈ দিয়া অনুসৰি এইবাৰ ভাল হৈছে সৰিয়হৰ খেতি। বতৰে বিধি পথালি নিদিলে আশা কৰাৰ ধৰণেই ফল পোৱাৰ আশা কৰা কৰিছে যদিও বিশাল ভূমিত সৰিয়হ খেতি কৰিলেও কৃষকে জলসিঞ্চনৰ সু-ব্যৱস্থাৰ অভাৱত ভুগিছে৷ ছন পৰা মাটিত সোণালী সপোন দেখা কৃষকে চৰকাৰী সুবিধা লাভ কৰিলে আৰু অধিক সফল হৈ উঠাৰ সম্ভৱনা আছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like