নিময়ীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততি সংখ্যক পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশনৰ আজি লাইখুঁটা স্থাপন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগন্তুক অসম সাহিত্য সভাৰ পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশনখনি চৰকাৰ আৰু ৰাইজৰ সহযোগত এখনি সফল অধিবেশন হ’ব কয়। এইবাৰ সাহিত্য সভাৰ অধিৱেশন নাৰায়ানপুৰত অনুষ্ঠিত কৰাৰ প্ৰসঙ্গত মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে নাৰায়ণপুৰ গুৰু দুজনা মিলিত পোৱা এক পবিত্ৰ স্থান। এইবাৰ নাৰায়ণপুৰৰ দৰে এনে এখন ঐতিহ্যসম্পন্ন ঠাইত এই অধিৱেশন অনুষ্ঠিত কৰাটো গৌৰৱৰ বিষয়। ২০২৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ লখিমপুৰৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিসংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে অসম সাহিত্য সভা অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এক অনুষ্ঠান বুলিও উল্লেখ কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি অধিৱেশনত ভাষণ প্ৰদান কৰি মন্ত্ৰী বৰুৱাই লগতে কয় যে অসম সাহিত্য অসমীয়া জাতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। এইখন একমাত্ৰ অসমীয়া ভাষাৰ সাহিত্য সভা নহয় বৰঞ্চ ই অসমৰ সকলো সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এক অনুষ্ঠান হিচাপে সাহিত্য সভাৰ প্ৰতিটো অনুষ্ঠানত তেওঁলোকৰ ভাষা-সংস্কৃতিৰ বিষয়েও আলোচনা কৰা হয়। অসম সাহিত্য সভাৰ কাৰ্যাৱলীৰ সম্পৰ্কে মন্ত্ৰী বৰুৱাই কয় যে অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী গুৰু দুজনাৰ সাহিত্য আৰু সাংস্কৃতিক অমৰ কৰ্মৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ যথেষ্ট কৰণীয় আছে। তেওঁ সাহিত্য সভাক বিতৰ্কিত বিষয়বোৰ এৰা-ধৰা কৰিবলৈয়ো আহ্বান জনায়। আদৰণী সমিতিৰ সভাপতি তথা বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত লাইখুঁটা স্থাপনৰ মুকলি সভাখনত প্ৰাক্তনমন্ত্ৰী নৱ কুমাৰ দলেয়ে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনে অসমৰ ৰাইজলৈ সমন্বয় আৰু ঐক্য-সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰি অধিবেশনৰ সফলতাৰ বাবে সকলো ৰাইজৰ অকুণ্ঠ সহযোগিতা কামনা কৰে। উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বৰুৱা, যাদৱ শৰ্মা, সত্ৰাধিকাৰ যোগেন্দ্ৰনাথ লাগাচু, সত্ৰাধিকাৰ মুনীন্দ্ৰনাৰায়ণ দেৱগোস্বামী, নগাঁও জিলাৰ কলিয়াবৰৰ অসম সাহিত্য সভাৰ অধিবেশনৰ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকা, স্থানীয় কেউখন জিলা সাহিত্য সভাৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়া সকল, লখিমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত আয়োজক শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে। মহাপুৰুষ মাধৱদেৱ প্ৰমুখ্যে বাৰবৈষ্ণৱৰ পৱিত্ৰ জন্ম স্থান মণিকাঞ্চন ক্ষেত্ৰত আয়োজন কৰা সাহিত্য সভাৰ অধিৱেশনৰ সম্পৰ্কে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত ৰাইজৰ উৎসাহজনক সহযোগিতা-অংশগ্ৰহণে নাৰায়ণপুৰ অধিৱেশন সফলভাৱে অনুষ্ঠিত হ’ব বুলি কয়। তেওঁ লগতে কয় যে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সহায়-সহযোগিতাৰে আমি অসমীয়া ভাষা-সাহিত্যৰ সেৱাত ব্ৰতী হ’ব লাগে। আমি কোনো জাতীয় সংঘাতত লিপ্ত নহৈ গুৰুজনাৰ ক’ত জন্ম হৈছিল– সেইবোৰ বিৰ্তকিত বিষয়ৰ পৰা বিৰত থাকি গুৰু দুজনাৰ সৃষ্ট অমৰ সাহিত্য-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগিব। আজি আমাৰ চৰকাৰে ৰাইজৰ আৰু জাতীয় অনুষ্ঠানৰ সকলো দিশতে সহযোগিতা আগবঢ়াই কাম কৰিব বিচাৰিছে। এই অধিৱেশনে দেশ-বিদেশৰ অতিথি আৰু পৰ্যটকক আকৰ্ষণ কৰিব তাতে পাৰে- তাৰ বাবে আমি সকলোৱে চেষ্টাত ব্ৰতী হ’ব লাগে। আজি লাইখুঁটা স্থাপন অনুষ্ঠানৰ পৰা দ্ৰুত গতিত অধিবেশনৰ কাম-কাজসমূহ আগবাঢ়িব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মন্ত্ৰী কালি বিয়লি নাৰায়ণপুৰত উপস্থিত হৈ অধিবেশনৰ আদৰণী সমিতিৰ সৈতে এক আলোচনাত মিলিত হয় আৰু অধিবেশনৰ ক্ষেত্ৰখনৰ আন্তঃগাথঁনিৰ কাম-কাজ আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে। অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ড° অভিনয় কুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে আদৰণী সমিতিৰ সাধাৰণ সম্পাদক মাখন তামুলীয়ে। আদৰণী সমিতিৰ সভাপতিৰ ভাষণত কয় যে ৰজা ঘৰীয়াৰ দমকল আৰু সুবিধা প্ৰদানৰ অবিহনেই বিহপুৰীয়াত অসম সাহিত্য সভাৰ অধিৱেশন সফল কৰি তোলা হৈছে। ৰাইজে এতিয়া এই অধিৱেশনক লৈ পৰীক্ষা কৰাৰ সময়ত নাই। আদৰণী সমিতিয়ে নিজা ববীয়াকৈ দুশ বিঘা মাটিত ধান খেতি, আলু খেতি, পাচলি খেতি কৰা বুলি উল্লেখ কৰাৰ লগতে ইতিমধ্যে নাৰায়ণপুৰ আৰু বিহপুৰীয়াত অতিথিশালা নিৰ্মাণ কৰা হৈছে বুলিও অৱগত কৰে। আদৰণী সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই অধিবেশনৰ বাবে চলিত বৰ্ষটোক সকলোৰে কৰ্ম যজ্ঞ বৰ্ষ হিচাপে গ্ৰহণ কৰি সকলো ৰাইজৰ অকুণ্ঠ সহায়-সহযোগিতাৰে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ প্লাষ্টিক বৰ্জিত আৰু অভিনৱ তথা সৰ্বাংগ সুন্দৰ হিচাপে অনুষ্ঠিত কৰি এখন সফল অধিবেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ লগতে ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলাৰ ৰাইজৰ আন্তৰিকতাপূৰ্ণ সহযোগিতা কামনা কৰে। বৰগীতেৰে শুভাৰম্ভ কৰা উক্ত সভাত তুলসী গগৈৰ সুৰ আৰু প্ৰশান্তজ্যোতি বৰুৱাৰ কথাৰে অধিবেশনৰ এটি শীৰ্ষ গীত পৰিৱেশন কৰে। ইয়াৰ পূৰ্বে পুৱা অধিবেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠানৰ উপলক্ষে ৭৬ খন সাহিত্য সভাৰ পতাকা বিশিষ্ট তথা নেতৃস্থানীয় ব্যক্তিসকলৰ দ্বাৰা উত্তোলন কৰা হয়। উক্ত পতাকা উত্তোলনৰ পিছতে মহিলা শিল্পী সকলে জাতীয় সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ আৰু ১০ বজাত লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত মহিলা সকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতটি পৰিবেশন কৰে।
সাহিত্য সভাৰ লাইখুঁটা স্থাপন অনুষ্ঠানত অথন্তৰ
ওলোটাকৈ উৰিল মূল পতাকা
সাহিত্য সভাৰ লাইখুঁটা স্থাপন অনুষ্ঠানত অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততি সংখ্যক পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশনৰ আজি লাইখুটা স্থাপন অনুষ্ঠানত এক অথন্তৰ ঘটে। উল্লেখ্য, অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠানৰ উপলক্ষে পুৱা ৭৬খন সাহিত্য সভাৰ পতাকা উত্তোলন স্থানীয় জাতি -জনগোষ্ঠীয় লোকৰ অংশগ্ৰহণেৰে মাংগলিক তথা দেৱবাদ্য পৰিবেশন আৰু মংগল উৰুলিৰে ৰূপায়ণ কৰা হয় যদিও মূল আদৰণী সমিতিৰ সভাপতিয়ে উত্তোলন কৰা পতাকাখন ওলোটাকৈ উৰা বিষয়টো প্ৰত্যক্ষ কৰি লৰালৰিকৈ নমাই অতি কৌশলেৰে কাৰ্যসূচীটি ৰূপায়ণ কৰা হয় যদিও বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে ক্ষণিকতে প্ৰচাৰ হৈ পৰে। এই বিষয়টোৱে সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। উক্ত দায়িত্বত থকা বিষয়ববীয়াসকলৰ দায়িত্বজ্ঞানহীন এনে কাৰ্যক সকলোৱে ধিক্কাৰ দিছে। আনহাতে, অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া আজি লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত নথকা বিষয়টোয়েও বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে।
‘মণিকাঞ্চন ক্ষেত্ৰ’ নাৰায়ণপুৰৰ পৰা জগত গগৈ আৰু সমীন কুমাৰ শইকীয়া