নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ লোকাৰণ্য সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বাকৰি।যোৱা ১৬ ডিচেম্বৰৰ পৰা কয়াকুছিৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজি তৃতীয় দিনত বিভিন্ন প্ৰতিযোগিতাত অনুষ্ঠিত হৈ যায়। ৯ বজাত প্ৰয়াত অতুল চন্দ্ৰ কলিতা সোঁৱৰণী ভেশছন প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰে টিহুৰ পৰা অহা এ এন পৰাখৰ জিকিৰ আৰু জাৰী দলৰ ভাও লোৱা দলে, গুৱাহাটীৰ যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালযৰ ছাত্ৰ-ছাত্ৰী লাচিত বৰফুকনৰ ভাও লোৱা জুহিতা কলিতাই দ্বিতীয় আৰু বনবাহাৰৰ পাব-জি ভুক্তভোগীৰ ভাও লোৱা আব্দুল ৰৌফৰ দলে তৃতীয় স্থান লাভ কৰে। এই প্ৰতিযোগিতাতখনৰ শুভাৰম্ভ আদৰ্শ বিদ্যালয় পাকাবেতবাৰীৰ কেৰামত আলী শ্বেখে। ১১ বজাত মৰহুম আমিৰ হামজা সিকদাৰ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাতত প্ৰথম হাউলীৰ হলী চাইল্ড ইংলিছ একাডেমীৰ আনিসা আকাতাৰে প্ৰথম, ষ্টাৰ লাইন একাডেমীৰ ৰাইমা খাতুনে দ্বিতীয় আৰু কাৱৈমাৰী আঞ্চলিক হাইস্কুলৰ আৰজিনা পাৰবীনে তৃতীয় স্থান দখল কৰে। এই প্ৰতিযোগিতাতখন শুভ উদ্বোধন কৰে কয়াকুছি মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহিৰ উদ্দিন আহমেদে। দুপৰীয়া ১ বজাত মৰহুম হজৰত আলী সোঁৱৰণী প্ৰবন্ধ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে গুৱাহাটী অঞ্জুমান ভৰদ্বাজ, দ্বিতীয় স্থান দখল কৰে যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ জুহিতা কলিতাই ,তৃতীয় স্থান দখল কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লিজা বৰাই। এই প্ৰতিযোগিতাতখনৰ শুভ উদ্বোধনী কৰে পাঠশালা বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গৌৰাংগ পাঠকে। ৩ বজাত মৰহুম আফাজ উদ্দিন আহমেদ সোঁৱৰণী আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাতখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লিজা বৰা, যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালযৰ জুহিতা কলিতাই দ্বিতীয় আৰু গুৱাহাটী অঞ্জুমান ভৰদ্বাজে তৃতীয় পুৰস্কাৰ লাভ কৰে।এই প্ৰতিযোগিতাতখন শুভ উদ্বোধন কৰে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উন্নয়ন সমিতিৰ সভাপতি দেৱান নছিম উদ্দিনে।
প্ৰেৰক আফতাব হুছেইন