নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত দিব্যাংগক প্রমাণপত্ৰ প্ৰদান-বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৃষ্ঠপোষকতাত আৰু বজালী উন্নয়ন খণ্ড, বৰপেটা জিলা স্বাস্থ্য বিভাগ, বজালী জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি বজালীৰ দিব্যাংগ ব্যক্তিসকলক প্ৰমাণ প্ৰদান কৰা আৰু বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ এক অনুষ্ঠান আয়োজন কৰা হয়৷ পাঠশালাৰ সমীপৱৰ্তী চৌখুটীস্থিত বজালী উন্নয়ন খণ্ড চৌহদত অনুষ্ঠিত অঞ্চলটোৰ শতাধিক দিব্যাংগ ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বিভিন্ন সময়ত চৰকাৰী কাৰ্যালয়ত প্ৰমাণ পত্ৰৰ বাবে ঘূৰি ঘূৰি হতাশ হোৱা দিব্যাংগ ব্যক্তিসকলক এই অনুষ্ঠানৰ জৰিয়তে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ প্ৰমাণ পত্ৰ প্ৰদানৰ লগতে উপস্থিত দিব্যাংগসকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰো দিহা কৰি আজি দিব্যাংগ ব্যক্তিসকলক সকাহ প্ৰদান কৰা হয়৷ স্বাস্থ্য পৰীক্ষা শিবিৰটো উদ্বোধন কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিব্যাংগ ব্যক্তিসকলৰ বাবে ঘোষণা কৰা সুবিধা আৰু আঁচনিসমূহ ৰূপায়ন কৰাৰ স্বার্থতে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰা বুলি মন্তব্য কৰি কয় যে এই অনুষ্ঠানত যদি কোনোবা দিব্যাংগ ব্যক্তি উপস্থিত থাকিব পৰা নাই আগন্তুক সময়ত পুনৰ এনেধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব৷ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বিনামূলীয়া স্বাস্থ্য শিবিৰটোৱে পাটাছাৰকুছিৰ প্ৰায় ৫০০গৰাকী বিশেষভাৱে সক্ষম লোকক উপকৃত কৰিব বুলি মন্ত্ৰী দাসে উল্লেখ কৰে৷ আজিৰ এই কাৰ্যসূচীত বজালী জিলা উন্নয়ন আয়ুক্ত মানস দাস, বজালী খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা, বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ সমন্বিতে কেবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে৷ আনহাতে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ সহযোগত ভৱানীপুৰতো এনেধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি জানিব পৰা গৈছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like