নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰ: শ্রীলংকাৰ পূর্বৰ তামিল বিদ্রোহী সংগঠন এলটিটিক পুনৰ গঢ়ি তুলিবলৈ ভাৰতৰ পৰা চলিছে গোপন তৎপৰতা৷ ইতিমধ্যে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই এই ঘটনা সন্দর্ভত অভিযান চলাই ৯জন শ্রীলংকান নাগৰিকক গ্রেপ্তাৰ কৰিছে৷ তামিলনাডুৰ তিৰুচিৰাপল্লিত থকা তামিল শৰণার্থীসকলৰ শিবিৰ এটাৰ পৰা এই লোককেইজনক গ্রেপ্তাৰ কৰে ‘নিয়া’ই৷ ৰাষ্ট্রীয় তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰা অনুসৰি শ্রীলংকালৈ ড্রাগ্ছ আৰু অস্ত্র সৰবৰাহৰ কামত জড়িত হৈ পৰিছিল ভাৰতৰ আশ্রয় শিবিৰত থকা এই লোককেইজনে৷ শ্রীলংকাত পুনৰ লিবাৰেচন টাইগার্ছ অৱ তামিল ইলম (এলটিটিই)ক পুনৰুজ্জীৱিত কৰিবলৈ ভাৰতৰ এই আশ্রয় শিবিৰৰ পৰাই তৎপৰতা চলা বুলি নিশ্চিত কৰিছে ‘নিয়া’ই৷