নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ ৰাষ্ট্রীয় যোগাসনলৈ ৰাওনা অসমৰ ৪১জনীয়া দল

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰঃ মুম্বাইত অহা ২৬-৩০ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্রীয় যোগাসন প্রতিযোগিতাত অংশ গ্রহণ কৰিবলৈ অসমৰ পৰা শক্তিশালী ৪১ জনীয়া দল এটা ৰাওনা হৈছে ৷  খেলুৱৈসকল হৈছে- অনল কাশ্যপ দত্ত, চিম্পী গগৈ, জেনিফা আফ্ৰিন আহমেদ, হৰজিত সিং, মৃগেশ ঠাকুৰীয়া, ৰূপান্তৰ প্লাৱন বৰা, উৰ্ভি তহবিলদাৰ, তিতিক্ষা মধুকল্য, পৰীস্মিতা আৰ্য, সুমিত দে, অংকুৰ শইকীয়া, ৰিম্পী গগৈ, ৰাণী সোণোৱাল, গায়ত্ৰী সোণোৱাল, ৰিংকু শইকীয়া, অনুৰাগ প্ৰীতম, প্ৰীতম পল, প্ৰাঞ্জল চেতিয়া, জিমি সোণোৱাল, ঝৰ্ণা সোণোৱাল, প্ৰিয়াশী গগৈ, জ্ঞানদীপ বৰা, অংকুৰমন আৰান্ধৰা, অনুপল বৰা, আদিত্য় দত্ত, স্পৃহা ঋষি কাশ্যপ। ভাৰত চৰকাৰৰ ক্রীড়া মন্ত্ৰালয়ৰ অনুমোদিত ৰাষ্ট্রীয় যোগাসন ক্রীড়া মহাসংঘৰ দ্বাৰা আয়োজিত তৃতীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ প্রতিযোগিতাত পদকপ্রাপ্ত খেলুৱৈক আগন্তুক ১-৭ ফেব্ৰুৱাৰীৰ খেল’ ইন্ডিয়াত অংশগ্রহন কৰাৰ সুযোগ দিয়া হয়। ২০২২ চনৰ খেল’ ইন্ডিয়াত অসমৰ পৰা অংশ গ্রহণ কৰা সুমিত দেই ৰূপৰ পদক লাভ কৰিছিল। অসম দলৰ নেতৃত্ব দিছে সম্পাদক জ্যোতির্ম ই শইকীয়া আৰু কোষাধ্যক্ষ অসীম বৰুৱাই ৷ টীম মেনেজাৰ নিৰূপম দুৱৰা, প্রশিক্ষক উপর্ণা ডেকা, পলাশ চেতিয়া আৰু অৰূপ ডেকা ৷ মহাসংঘৰ ৰাষ্ট্রীয় কার্য নির্বাহক সদস্য তথা উঃ পূর্বাঞ্চলৰ পর্যবেক্ষক বিকাশ গোস্বামীয়ে জনোৱা মতে মনিপুৰ, মেঘালয়, ত্রিপুৰা আৰু ছিকিমৰ পৰাও খেলুৱৈ ইতিমধ্যে ৰাওনা হৈছে৷ অংশগ্ৰহণকাৰী খেলুৱৈসকলক সদৌ অসম যোগাসন ক্রীড়া সন্থাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছে

You might also like