নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ জালিখাটাত উজ্জয়নী আদৰ্শ কাৰ্যালয় উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ নিষ্ঠা আৰু সততাৰে কাম কৰিলে প্ৰতিগৰাকীয়ে লোকেই জীৱন যুদ্ধত সফল হব পাৰিব৷” এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি বজালী জিলাৰ জালিখাটা গাঁৱত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ উজ্জয়নী আদৰ্শ মণ্ডল পৰ্যায় সংগঠনৰ কাৰ্যালয় গৃহৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অসমৰ আত্মসহায়ক গোটসমূহে বহুক্ষেত্ৰত বলিষ্ঠ ভুমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকৰ এই কৰ্মধাৰ অব্যাহত ৰাখিবলৈ উদগনি যোগাই আত্মসহায়ক গোটসমূহক চৰকাৰে প্ৰদান কৰা সুবিধা সমূহ গ্ৰহণ কৰি তেওঁলোকক লাখপতি হবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়৷ আনহাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলা সকলক বিভিন্ন দিশত প্ৰশিক্ষণ তথা সুবিধা প্ৰদানৰ ক্ষেত্ৰত এই কাৰ্যালয়টিয়ে যথেষ্ট সহায় কৰাৰ লগতে, অঞ্চলটোৰ উদ্যোগী মহিলাসকলে তেওঁলোকৰ যাৱতীয় কামসমূহ নিয়াৰিকৈ চলাই নিয়াৰ বাবে এক নিৰ্দ্দিষ্ট স্থান লাভ কৰাত বাৰুকৈ সহায় হব বুলি মন্ত্ৰী দাসে জানিবলৈ দিয়ে৷ ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বজালীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক বৰ্ষৰ ১২ জানুৱাৰীত অনুষ্ঠিতব্য ‘বজালী দিৱস’ উদযাপন সম্পৰ্কে এক বিস্তাৰিত আলোচনাত অংশগ্ৰহণ কৰে৷ উক্ত সভাত পাটাছাৰকুছিৰ বিধায়কগৰাকীৰ লগতে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, বজালীৰ উপায়ুক্ত কাৱেৰী বি শৰ্মা প্ৰমুখ্যে জিলাৰ বিভিন্ন বিভাগৰ মূৰব্বীসকল উপস্থিত থাকে আৰু বজালী দিৱস পালন সন্দৰ্ভত বিভিন্ন আলোচনা কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like