নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ফিল্ড এছিছটেণ্টৰ পদ খালী

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী হৈছে ফিল্ড এছিছটেণ্টৰ ২টা পদ৷ ইয়াৰে ১টা অসংৰক্ষিত আৰু আনটো পদ অ’বিচি/এম’বিচি প্রার্থীৰ বাবে সংৰক্ষিত৷ আবেদনকাৰী বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ১৭,০০০ টকা লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০১৯লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন’Office of The Principal cum Chief Superintendent, JMCH, Kushal Konwar Path, KB Road, Jorhat-785001′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ ফেব্রুৱাৰী, ২০২০৷ বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ বাবে ৱেবছাইটwww.jorhatmedicalcollege.in লগ–ইন কৰিব পাৰে৷

You might also like