বিদেশীৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ ? আজি উচ্চতম ন্যায়ালয়ত ৪ টা গোচৰৰ প্ৰাথমিক শুনানি
- আজি ছুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ নেতৃত্বাধীন ৪ টা গোচৰৰ প্ৰাথমিক শুনানী হয়
- পৰৱৰ্তী শুনানী ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব
- নাগৰিকত্ব আইনৰ ৬(ক)ৰ বিৰুদ্ধে মহাসংঘই তৰা গোচৰটো বহু পলম হোৱাৰ বিষয়টো প্ৰথম আলোচনা কৰিব লাগে বুলি আছুৰ অধিবক্তাই কোৱাত সেয়া সাংবিধানিক বিচাৰপীঠে নাকচ কৰে
- আছুৱে ১৯৭১ লৈ অবৈধ বাঙালী-নেপালী বিদেশীক অসমত ৰখাৰ পক্ষত থিয় দি খিলঞ্জীয়াৰ বিৰুদ্ধে গৈছে –মতিউৰ ৰহমান
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী: আজি দিল্লীত ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশৰ ১ নং কৰ্টত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ ৪ টা গোচৰৰ শুনানি অনুষ্ঠিত হয় । মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ মুকেশকুমাৰ ৰাচিকভাই শ্বাহ, ন্যায়াধীশ কৃষ্ণ মূৰাৰী, ন্যায়াধীশ হীমা কোহলী আৰু ন্যায়াধীশ পমিদিঘন্টম শ্ৰী নৰসিমহাৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ মতিউৰ ৰহমান আৰু গোবিন্দ বসুমতাৰীৰ ৫৬২/২০১২ নং গোচৰটোৰ সৈতে আহোম সভাৰ জ্ঞানানন্দ ফুকনৰ ৮৭৬/২০১৪, অসম আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী বিশিষ্ট ভাষাবিদ অধ্যাপক বিশ্বেশ্বৰ হাজৰিকা আৰু ছহীদ ৰূপক নাথৰ ককায়েক দিপক নাথৰ ৩১১/২০১৫ আৰু শিক্ষাবিদ প্ৰনৱ কুমাৰ মজুমদাৰৰ ৬৮/২০১৬ নং গোচৰৰো শুনানি গ্ৰহণ কৰে । শুনানিত মহাসংঘৰ অধিবক্তা কমল নয়ণ চৌধুৰী, অধিবক্তা মনীষ গোস্বামী আৰু আন গোচৰ কেইটাৰ হৈ অধিবক্তা সমীৰণ শৰ্মা উপস্থিত আছিল।
আছুৰ অধিবক্তাই মহাসংঘই বহু পলমকৈ গোচৰ তৰা বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত আলোচনা কৰিবলৈ জনোৱা আবেদন সাংবিধানিক বিচাৰপীঠে নাকচ কৰে । মহাসংঘৰ অধিবক্তা কমল নয়ণ চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰি কয় যে দুজনীয়া বিচাৰপীঠে ইতিমধ্যে পলম হোৱা বিষয়টো আলোচনা কৰি কৈছিল যে যদি জনগণৰ অধিকাৰ খৰ্ব হোৱা বিষয় হয় তেন্তে তাত পলম হোৱাৰ প্ৰশ্ন উত্থাপন কৰি গোচৰ বাতিল কৰিব নোৱাৰি । চৌধুৰীয়ে আদালতক সোঁৱৰাই দি কয় যে ন্যায়াধীশ ৰোহিনটন ফলি নৰীমান আৰু ন্যায়াধীশ ৰঞ্জন গগৈৰ দুজনীয়া বিচাৰপীঠে ২০১৪ চনৰ ১৭ ডিচেম্বৰত ১৩ টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি তাৰ মীমাংসা কৰিবলৈ ৭০ পৃষ্ঠাৰ অৰ্ডাৰ সহ সাংবিধানিক বিচাৰপীঠ লৈ প্ৰেৰণ কৰি থৈছে । সাংবিধানিক বিচাৰপীঠে এই ১৩ টা প্ৰশ্ন সম্পৰ্কে বিতং বিচাৰ হ’ব বুলি ঘোষণা কৰে । ৩১১/২০১৫ নং গোচৰৰঅধিবক্তা সমীৰণ শৰ্মাই নাগৰিকত্ব আইনৰ ৩ ধাৰাক প্ৰত্যাহ্বান জনোৱা বিষয়ে উল্লেখ কৰি কয় যে বিদেশীৰ সন্তানৰ নাগৰিকত্ব দিয়া সম্পৰ্কীয় বিষয়টোও গুৰুত্ব সহকাৰে বিচাৰ কৰিবলৈ জনোৱা আবেদন বিচাৰপীঠে গ্ৰহণ কৰে ।
আজি সাংবিধানিক বিচাৰপীঠে ৩ সপ্তাহৰ ভিতৰত সকলো পক্ষকে পুনৰ গোচৰৰ বিষয়বোৰৰ ওপৰত চমু প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰি চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক আৰু মহাসংঘৰ অধিবক্তা মনীষ গোস্বামীক কাৰ্যকৰী কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰে । পৰৱৰ্তী শুনানী ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বুলি নিৰ্দেশ জাৰি কৰে ।
অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ১০২ টা জাতীয় সংগঠনৰ পৰা গোচৰ সমূহৰ পৰিচালক ৰূপে দায়িত্বপ্ৰাপ্ত মূল গোচৰীয়া তথা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আজি নতুন দিল্লীত ছুপ্ৰিম কৰ্টৰ শুনানীত উপস্থিত থাকে। ছুপ্ৰিম কৰ্টৰ চৌহদত মতিউৰ ৰহমানে এন ডি এফ বিৰ প্ৰাক্তন সহকাৰী সম্পাদক ডমিনিক ইছলাৰীক লগত লৈ কয় যে সাংবিধানিক বিচাৰপীঠে আছুৰ অধিবক্তাই মহাসংঘই গোচৰ তৰাৰ পলম হোৱা বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত আলোচনা কৰিবলৈ জনোৱা আবেদন নাকচ কৰাত আনন্দিত হোৱাৰ কথা ঘোষণা কৰে । সংবিধান সন্মত ভাবেই বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ ঘোষণা কৰিবলৈ সাংবিধানিক বিচাৰপীঠ দায়বদ্ধ বুলি ৰহমানে কয় ।
সদৌ অসম ছাত্ৰ সন্থাই দেশৰ সংবিধান উলংঘা কৰি বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰা তাৰিখ ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত পূৱ পাকিস্তান(বৰ্তমান বাংলাদেশ)ৰ পৰা পলাই আহি অবৈধ ভাবে অসমৰ বিভিন্ন ঠাইত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাটি-বাৰী আৰু চৰকাৰী মাটি দখল কৰি বসবাস কৰি থকা ৭০/৮০ লাখ বাঙালী হিন্দু-মুছলমান আৰু নেপালী বিদেশীক অসমত ৰখাৰ পক্ষত থিয় দি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ বিৰুদ্ধে গৈ ছুপ্ৰিম কৰ্টত মহাসংঘৰ বিৰোধীতা কৰি আছে বুলি মতিউৰ ৰহমান আৰু ডমিনিক ইছলাৰীয়ে সংবাদ প্ৰতিষ্ঠানসমূহক কয় ।