নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ সমগ্ৰ দেশ আৰু ৰাজ্যৰ ল’গতে আজি ধুবুৰীতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। অইন অইন বছৰৰ দৰে নেতাজী জন্ম-জয়ন্তী উদযাপন কেন্দ্ৰীয় কমিটি, ধুবুৰীৰ উদ্যোগত চহৰখনৰ পাঁচমোৰস্থিত নেতাজীৰ স্থায়ী প্ৰতিমূৰ্তি থকা উদ্যানখনত বীৰ সেনানীগৰাকীৰ আজিৰ জন্ম তিথিৰ দিনটোত আয়োজিত হয় বিশেষ কাৰ্যসূচী। আজি পুৱা জাতীয় পতাকা উত্তোলনেৰে এই কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটে। নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যদান কাৰ্যসূচীৰ অন্তত অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা। নাৰ্চাৰীৰ পৰা প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণী, পঞ্চমৰ পৰা সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে – এই চাৰিটা শাখাৰ চিত্ৰাংকণ প্ৰতিযোগিতা খনৰ সমাপ্তিৰ পিছত দুপৰীয়া দেশাত্মবোধক সংগীত পৰিৱেশনৰে মূল অনুষ্ঠান আৰম্ভ হয়। দুপৰীয়া নেতাজীৰ জন্ম মূহৰ্ত ঘোষণাৰ পিছত অনুষ্ঠিত হয় জনসভা। সভাখনত নিৰ্দিষ্ট বক্তাৰূপে নেতাজী প্ৰতিষ্ঠিত ফৰোৱাৰ্ড ব্ল’কৰ প্ৰাক্তন ছাত্ৰ নেতা তথা সম্পাদক, ক’লকাতাৰ দেবব্ৰত ৰায়ৰ মনোজ্ঞ ভাষণে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। আজিৰ সেই সভাখনতে নেতাজীৰ স্মৃতিত ‘আজাদ’ নামৰ স্মৰণিকা এখনো উন্মোচিত কৰা হয়। উল্লেখ্য যে, আজি সন্ধিয়া ধুবুৰী পাঁচমোৰস্থিত নেতাজীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ পিছত অনুষ্ঠিত হ’ব এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান। অন্তত চিত্ৰাংকণ প্ৰতিযোগীতাৰ বিজয়ীসকলৰ বঁটা বিতৰণী অনুষ্ঠানেৰে এই বেলিৰ নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্ম-জয়ন্তী উপলক্ষে আয়োজিত এই বিশেষ কাৰ্যসূচীৰ সমাপন ঘটিব। উল্লেখ্য যে, ধুবুৰীৰ ঐতিহ্যমণ্ডিত টাউন ক্লাৱকে ধৰি চহৰখনৰ তেতুলতলা, পালপাৰা, শান্তি নগৰ আদি বিভিন্ন স্থানতো আজি বিভিন্ন ক্লাব আৰু সংগঠনৰ উদ্যোগতো নেতাজীৰ ১২৬ সংখ্যক জন্ম-জয়ন্তী উদযাপন কৰা হয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী