বিশেষ বাৰ্তা, ২৩ জানুৱাৰীঃ সমাগত গণৰাজ্য দিৱসক লৈ বিশেষ তৎপৰ আৰু সস্তম হৈ পৰিছে অসম আৰক্ষী।নিষিদ্ধ তথা কোনো বিদ্ৰোহী সংগঠনে ৰাজ্যখনত গণৰাজ্য দিৱসৰ আগে-পিছে কোনো কুটাঘাতমূলক বা হিংসাত্মক ঘটনা সংঘটিত কৰাৰ আশংকা কৰি আজি ৰাজ্যৰ আৰক্ষী বিশেষ সঞ্চালক প্ৰধান(আইন-শৃংখলা)জি পি সিঙে ডিব্ৰুগড়ৰ আৰক্ষীৰ নেগী গেষ্ট হাউচত কেইবাঘন্টাধৰি আৰক্ষীৰ এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়।অহা ২৬ জানুৱাৰীৰ গণৰাজ্যৰ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি উজনিৰ পাঁচখন জিলাৰ নিৰাপত্তাৰ প্ৰতিটো দিশৰ ওপৰত তণ্ন-তণ্নকৈ আলোচনা কৰা হয়।আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত উজনিৰ আৰক্ষী আয়ুক্ত জিৎমল দলে,ৰাজ্যৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসহ উজনি অসমৰ পাঁচ জিলাৰ আৰক্ষী অধীক্ষকে উজনিত নিৰাপত্তাৰ বিভিন্ন দিশ,সশস্ত্র বিদ্ৰোহী সংগঠনৰ কুটাঘাত মূলক ঘটনাৰ সম্ভাৱনীয়তাক লৈ এই বৈঠকত প্ৰনালীবদ্ধভাৱে আলোচনা কৰা হয় বুলিও জানিব পৰা গৈছে।বৈঠকত আসাম ৰাইফলচ,কেন্দ্ৰীয় নিৰাপত্তা এজেঞ্চী,কুনীতিজ্ঞ,চি আৰ পি এফ আৰু সেনাৰ বিষয়াৰে সৈতে ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়।অসম আৰক্ষীয়ে বৰ্তমানলৈ পোৱা ইনপুটৰ মতে বিদ্ৰোহীৰ কাৰ্যকলাপ বা কুটাঘাতমূলক কাৰ্য প্ৰতিহত কৰিবলৈ কেনেকৈ কি ব্যৱস্থা লোৱা হ’ব ; তাৰ ওপৰত স্থিৰ সিদ্ধান্ত গ্রহণ কৰা হোৱা বুলিও জানিব পৰা গৈছে।অনাগত দিনবোৰত ৰাজ্যখনত অপৰাধৰ পৰিসংখ্যা হ্ৰাস কৰাৰ লগতে চলিত বৰ্ষত অপৰাধৰ অভিযোগবোৰ কিদৰে মোকাবিলা কৰা হব,তাৰ ওপৰতো বিশেষভাবে আলোচনা কৰা হয়। আজিৰ এই বৈঠকৰ পাছত ৰাজ্যৰ আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে এতিয়াতে পৰা ৰাজ্যত বাল্য বিবাহক লৈ কঠোৰ হ’ব অসম আৰক্ষী।ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে এক্সন প্লেন প্ৰস্তুত কৰি তোলা হৈছে।অহা কেইদিনমানৰ ভিতৰতে বাল্য বিবাহৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে।ৰাজ্যৰ প্ৰত্যেক জিলাৰ আৰক্ষী অধীক্ষকক বাল্য বিবাহৰ ক্ষেত্রত অধিক চোকা দৃষ্টি তথা সস্তম হৈ থাকিবলৈও নিৰ্দেশনা দিয়া বুলি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে অৱগত কৰি আজি এই বিষয়ক লৈ এক ভিডিঅ’ কনফাৰেঞ্চ যোগে আলোচনা কৰা হয় বুলি সদৰী কৰে। সমাগত গণৰাজ্য দিৱসক লৈ উজনিৰ জিলা সমূহৰ সকলো আৰক্ষীকে সস্তম কৰি ৰখা বুলি মন্তব্য কৰি উজনিত বিদ্ৰোহীৰ সঞ্চালনৰ খবৰ আছে বুলি জানিবলৈ দিয়ে। আনহাতেদি শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিৰ বাবে আইন শৃঙ্খলা বিঘ্নিত কৰিলে কৰিলে আইন অনুযায়ী বিহিত ব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰি এই বিষয়ত তিনি দিন পূৰ্বে অসমৰ প্ৰত্যেক জিলাৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া বুলিও ব্যক্ত কৰে।লগতে ছবিখন ৰিলিজ দিয়াৰ দিনা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। পৰেশ বৰুৱাৰ শেহতীয়া গণভোট প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাইজৰ বাবে এয়া শুভ বাৰ্তা বুলি মন্তব্য কৰি গণভোটৰ জড়িয়তে যদি পৰেশ বৰুৱা মুল সুঁতিলৈ ঘূৰি আহে,তেন্তে অসমৰ ৰাইজৰ বাবে এয়া হব আটাইতকৈ সু-খবৰ।ইফালে জি ২০ৰ নিৰাপত্তাৰ দিশটোক লৈ ইতিমধ্যে আৰক্ষীক সজাগ হোৱাৰ লগতে আৰক্ষীয়ে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।আনহাতেদি মুখ্যমন্ত্রীৰ নিৰ্দেশত শূণ্য সহনশীলতাৰে উজনিৰ তেল চুৰি চক্র ৰোধৰ ওপৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহন কৰা হব বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে।
প্ৰেৰক বিভাস দুৱৰা