বিশেষ বাৰ্তা, ২৩ জানুৱাৰীঃ সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদযাপন সমিতিৰ উদ্যোগত আজি গুৱাহাটীৰ পল্টন বজাৰৰ নেতাজী চকত নেতাজী সুভাষ চন্দ্র বসুৰ ১২৭ সংখ্যক জন্মদিন উপলক্ষে আয়োজিন অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে নেতাজী সুভাষ চন্দ্র বসু আছিল স্বদেশপ্রেম আৰু ৰাষ্ট্রীয়তাবাদৰ উজ্জ্বল প্রতীক৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ অৱদান আছিল অপৰিসীম আৰু অতুলনীয়৷ এই মহান নেতাগৰাকীৰ অৱদানক চেতন অথবা অৱচেতন ভাবে বৌদ্ধিক মহল আৰু সমসাময়িক ইতিহাসবিদৰ এটা অংশই প্রকৃত ৰূপত প্রতিফলিত কৰা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঐতিহাসিক এনে ভুলসমূহ শুধৰাবলৈ প্রয়াস চলাই আহিছে৷ এনে পদক্ষেপৰ অংশ হিচাপে ইণ্ডিয়া গেটৰ ওচৰত আই এন এৰ সেনাধ্যক্ষগৰাকীৰ এটা ২৮ ফুট উচ্চতাৰ কলা–গ্রেনাইটৰ দ্বাৰা নির্মিত এটা মূর্তি স্থাপন কৰিছে বুলিও তেওঁ কয়৷ ঔপনিৱেশিক শাসনৰ পৰা ভাৰতৰ স্বাধীনতাৰ দাবীৰ বিষয়টো ভাৰত উপমহাদেশৰ পৰিধিৰ বহু ওপৰলৈ লৈ যোৱাৰ বাবে নেতাজী সুভাষ চন্দ্র বসুক কৃতিত্ব দি মুখ্যমন্ত্রীয়ে কয় যে নেতাজীৰ অদম্য মনোভাৱ আৰু নিজৰ মাতৃভূমিৰ স্বাধীনতা আকাংক্ষাই তেওঁক প্রেৰণা যোগাইছিল৷ তেওঁ ভাৰতবর্ষক বৃটিছৰ কৱলৰ পৰা মুক্ত কৰাৰ বাবে কল্পনা কৰিব নোৱাৰা অভিযান চলাই সাহসৰ পৰিচয় দিছিল৷ নেতাজীয়ে দেখুৱাই যোৱা স্বদেশপ্রেম, ৰাষ্ট্রীয়তাবাদ আৰু ৰাষ্ট্র প্রথম আদর্শই লাখ লাখ ভাৰতীয় নাগৰিকক ৰাষ্ট্রৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসর্গা কৰাৰ বাবে অনুপ্রাণিত কৰি আহিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ একাংশ ন্যস্তস্বার্থ মহলে অঞ্চলটোৰ জনগাঁথনি সলনি কৰাৰ বাবে পৰিকল্পনা কৰিছিল যদিও নেতাজীয়ে তাক প্রতিহিত কৰি উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ৰাজনৈতিক আধিপত্য ৰক্ষাৰ ক্ষেত্রত লোৱা ভূমিকাৰ বিষয়েও মুখ্যমন্ত্রীয়ে আলোকপাত কৰে৷ নেতাজী জন্ম বার্ষিকী উদযাপনক এক মঞ্চ হিচাপে ব্যৱহাৰ কৰি মুখ্যমন্ত্রীয়ে ৰাজ্যৰ যুৱক–যুৱতীসকলক্ নেতাজীৰ আদর্শ গ্রহণ কৰি ৰাষ্ট্র নির্মাণৰ দিশত কাম কৰিবলৈ আহবান জনায়৷ অসমৰ নৱ প্রজন্মই নিজৰ দক্ষতা থকা ক্ষেত্রত সামর্থতা আৰু সম্ভাৱনীয়তা ব্যৱহাৰ কৰিব বুলি আত্মবিশ্বাস প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিশ্ব আৰু সমাজখনক ৰূপান্তৰিত কৰাৰ ক্ষেত্রত যুৱক–যুৱতীসকলৰ্ সামর্থৰ ওপৰত নেতাজীৰ অপৰিসীম বিশ্বাস আছিল৷ অনুষ্ঠানত মন্ত্রী পীযুষ হাজৰীকা আৰু অশোক সিংহল, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷