অমিয় ভূঞাৰ জুমুঠি দাহ : সাহিত্য সভাক ৰাজনীতিকৰণ নকৰিবলৈ সকীয়নি অসমীয়া যুৱ মঞ্চৰ
বিশেষ বার্তা, ২ ফেব্রুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্রত চলি আছে অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিসংখ্যক পূর্ণাংগ অধিৱেশন৷ অধিৱেশনৰ আৰম্ভণিৰ পৰাই বিভিন্ন সমালোচনাৰ উদ্ভৱ হৈ আহিছে৷ বিশেষকৈ স্থানীয় বিধায়ক তথা আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ ফটো বিতর্ক উঠি আহিছে৷ অধিৱেশনস্থলীত তেওঁৰ ফটোসম্বলিত পোষ্টাৰ–হ’র্ডিং লগোৱাৰ বিপৰীতে সাহিত্যৰ কাণ্ডাৰীসকলৰ ফটো–হ’র্ডিং নথকা বিষয়টোৱে এইকেইদিন বিভিন্ন স্তৰত ব্যাপক চর্চা লাভ কৰিছে৷ এই লৈ বিভিন্নজনে ক্ষোভ প্রকাশ কৰাৰ উপৰি আজি অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে তেওঁৰ পুত্তলিকা দাহ কৰি প্রবল প্রতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁক সকীয়নি দিয়ে৷ লখিমপুৰ নগৰৰ কে বি ৰোডত অমিয় কুমাৰ ভূঞাৰ পুত্তলিকা দাহ কৰি অমিয় কুমাৰ ভূঞা গ’ কে, অমিয় কুমাৰ ভূঞা হুচিয়াৰ, সাহিত্য সভাক অপমান কৰা সহ্য কৰা নহ’ব আদি শ্লোগান দি প্রতিবাদকাৰীসকলে উত্তাল পৰিৱেশ সৃষ্টি কৰে৷ প্রতিবাদকাৰীসকলে ক্ষোভ প্রকাশ কৰি কয়, অমিয় কুমাৰ ভূঞাই সাহিত্য সভাখন ৰাজনীতিকৰণ কৰি পেলালে৷ সাহিত্য সভাখনক তেওঁ বিজেপিৰ সভা কৰি তুলিলে৷ পদ্মনাথ গোহাঞিবৰুৱাকে ধৰি সাহিত্যৰ কাণ্ডাৰীসকলৰ ত্যাগ আৰু সেৱাক মোহাৰি চৌদিশে নিজৰ ফটো লগাই অমিয় কুমাৰ ভূঞাই সাহিত্য সভাখনক পৈত্রিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে৷ এনে নীচ মানসিকতাৰ লোকক সাহিত্য সভাৰ মজিয়াত ঠাই নিদিবলৈ প্রতিবাদকাৰীসকলে সাহিত্য সভাক আহ্বান জনায়৷ সাহিত্য সভাৰ আগন্তুক যিকোনো অনুষ্ঠানত তেওঁক বর্জন কৰিবলৈও আহ্বান জনায় প্রতিবাদকাৰীসকলে৷ সাহিত্য সভাৰ মান–মর্যাদা হানি কৰা বুলি প্রতিবাদকাৰীসকলে তেওঁক সকীয়নিও দিয়ে৷ এই প্রতিবাদী কার্যসূচীত অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সমিতিৰ অনুপম শইকীয়া, জিলা সমিতিৰ দীপাংকৰ নাথ, চিৰঞ্জিত বৰদলৈসহ ভালেখিনি কর্মীয়ে অংশগ্রহণ কৰে৷
প্ৰেৰক জীৱন গোস্বামী