নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

জ্যোতিষী কিৰো ইয়ঙৰ দৃষ্টিত

আজি ৩ ফেব্রুৱাৰী, মাঘ মাহৰ ১৯ তাৰিখ
শুকুৰবাৰঃ তিথি–শুক্লা ত্রয়োদশী, নক্ষত্রঃ আর্দ্রা, যাত্রা ঃ শুভ

মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

বৃষঃ আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা৷ বাটে–পথে ফুৰোঁতে সতর্ক হওক৷ বিদ্যাত মধ্যম৷ শৰীৰৰ দুর্বলতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

মিথুনঃ কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ সৰু–সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব৷ বন্ধুৰ সহায়৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

কর্কটঃ পূর্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম৷ ভ্রমণ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷

সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

কন্যাঃ কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব৷ শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷

তুলাঃ কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফল লাভ৷ সাধাৰণ শৰীৰৰ আহুকাল অলপ৷ দাম্পত্যত ভালেই৷ ভ্রমণাদিত অমনোযোগী নহ’ব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷

বৃশ্চিকঃ ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ পূর্বাষাঢ়াৰ জাতক–জাতিকাই সাৱধান থাকিলে ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷

ধনুঃ উন্নত দিনৰ অনুমান৷ যোগাযোগৰ খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত বাধা কম৷ শুভ ৰং ক্রীম শুভ সংখ্যা ৯

মকৰঃ ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনোৰ প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্যৱান সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

কুম্ভঃ ৰুক্ষ চিন্তা অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে লোহা লক্কৰ, ইস্পাত, কাঠ, কয়লা, ৰসায়নত লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মীনঃ আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ শৰীৰ মধ্যম৷ সৰু–সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব৷ ভ্রমণত সাৱধান৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like